এখন অভিনৱ উপন্যাস –
আত্মঘাতীৰ দিনপঞ্জী
প্ৰতিভাৰ কণ্ঠস্বৰ নৰম। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ প্ৰকাণ্ড তিনিটা খণ্ডত মই মই আৰু মই নাই। হয়তো তেওঁ ভাবিছিল – ‘মই মোৰ ভাবে তললৈ বুৰাব, নেপাবা ৰক্ষাৰ তৰী।’ তাহানি চিৰ কৌমাৰ্যব্ৰতী মাধৱদেৱে কৈছিল- ‘কৃষ্ণৰ কিংকৰ শংকৰ, শংকৰ কিংকৰ দাসকু দাস হামু মাধৱ দাসা’ বুলি।
অৱনত মস্তকে প্ৰকাশ কৰা এনে বিনয়ী ভাবকে বৈষ্ণৱী বিনয়ী বুলি কোৱা হয়। বিচক্ষণ পণ্ডিত ড০ বাণীকান্ত কাকতিয়ে কোৱা ‘নীৰৱ সাধনা’ সদায় প্ৰাসংগিক আপ্তবাক্য। ড০ ভভূপেন হাজৰিকাৰ তিনিটা খণ্ডৰ তিনি হাজাৰ পৃষ্ঠাৰ ৰচনাৱলীৰ এটা বাক্যতো মই নাই। কথা আৰু কণ্ঠই ভূপেন হাজৰিকাৰ পৰিচয়। প্ৰতিভাবানে নিজৰ ঢোল নিপিটে। যেনেকৈ গোলাপ ফুলিলে ইয়াৰ ফুৰফুৰিয়া সৌৰভ মৃদু মন্দ পবনে বোকোচাত কঢ়িয়াই লৈ চাৰিওফালে বিলাই ফুৰে, তেনেকৈ প্ৰতিভাবানৰ কৰ্মই হৈছে তেওৰঁ নীৰৱ ভাষ্য।।
ওপৰৰ কথাষাৰি বহুগুণী সাহিত্যিক ৰাম চৰণ পাঠকৰ প্ৰসংগৰ লগত সংগতি ৰাখি কোৱা হৈছে। সাধনাহীন সাহিত্যৰ ক্ষেত্ৰ অনুৰ্বৰ। কিন্তু নীৰৱে নিৰলাত বহি সাধনাত একান্তভাৱে ব্ৰতী সৃষ্টিকাৰসকলক বনৰীয়া ফুলৰ দৰে এলাগী কৰিব নোৱাৰি। তেওঁলোক স্বমহিমাৰে মণ্ডিত। ৰাম চৰণ পাঠক অসমীয়া সাহিত্য ক্ষেত্ৰৰ আপাত দৃষ্টিত বহু চৰ্চিত এটা নাম নহ’লেও; তেওঁৰ নাম আমাৰ অগোচৰে থকা, আমাৰ অলক্ষিতে জিলিকি থকা এটা নক্ষত্ৰৰ দৰে। এই কথাটো এই কাৰণে কোৱা হৈছে যে ৰাম চৰণ পাঠকে অধুনা বহুলভাবে চৰ্চিত বৈদ্যুটিন সাহিত্য মাধ্যমৰ সাহিত্য জগতখনত ইতিমধ্যে সাহিত্য সৃষ্টিৰ জৰিয়তে অনেক সমাদৰ লাভ কৰিছে। তেওঁ অনেক যশস্যা বুটলিবলৈ সক্ষম হৈছে। ২০০৪ খ্ৰীষ্টাব্দত আইবিবোশ্চiibibo (i build i bond) নামৰ আন্তৰাষ্ট্ৰীয় বৈদ্যুটিন সামাজিক মাধ্যমে তেওঁলোকৰ ‘চাৱাল-জবাব’ নামৰ অনুষ্ঠান এটাৰ তিনিটা পৃথক পৃথক শিতানত পাঠকে চৈধ্য হাজাৰৰো অধিক লেখা আৰু প্ৰশ্নোত্তৰেৰে উক্ত মাধ্যমত চমক সৃষ্টি কৰে।
তাৰে ভিতৰত প্ৰায় চাৰে সাত হাজাৰৰো অধিক লেখা আৰু প্ৰশ্নোত্তৰ সমগ্ৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ বিবেচিত হয়। সেই উল্লেখনীয় কৰ্মৰ বাবে অনুষ্ঠানটোৱে পাঠকক উপযুক্ত ভাবে পুৰস্কৃত কৰাৰ ওপৰিও সন্মানীয় মাষ্টাৰ ডিগ্ৰীও প্ৰদান কৰে। বিগত প্ৰায় কুৰি বছৰ ধৰি তেওঁ এই বৈদ্যুটিন মাধ্যমৰ সাহিত্যৰ সৈতে ওতপ্ৰোত ভাবে জৰিত।
ইফালে তেওঁ বহু বৰেণ্য সাহিত্যিক-বুদ্ধিজীৱীৰ আশিসধন্য সৃষ্টিকাৰ। তেওঁ কবি, কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীতকাৰ, গল্পকাৰ, কাহিনীকাৰ, নাট্যকাৰ, নাট পৰিচালক আৰু অভিনেতা। তেওঁ সফল গদ্যকাৰ আৰু অনুবাদক। তেওঁ উচ্চ ৰুচিবোধ সম্পন্ন এগৰাকী অসমীয়া ভদ্ৰলোক। তাতোকৈ তেওঁ একালৰ অসমৰ সন্মানৰ প্ৰতীক ডাঙৰীয়া জন। তেওঁ সদা হাস্যোজ্জ্বল, প্ৰাণৱন্ত লোক। ল’ৰালিৰে পৰা দুখৰ জাঁতত পিহনি খায়ো অভগন, অমৰণ, অম্লান হৈ জীৱন নৈৰ জাঁজীত নাবাজি নিৰ্বিঘ্নে সাগৰ ধিয়াই গতি কৰি আহি মোহনা মুখত উপনীত হোৱা এজন সাৰ্থক, সফল, সবল পুৰুষ ৰাম চৰণ পাঠক। তেওঁ ইতিবাচক। সেই কাৰণে হবলা তেওঁ বহু বিদ্যা বিশাৰদ। তেওঁৰ ঐতিহ্য প্ৰীতি তীব্ৰ। আধুনিক জীৱন প্ৰবাহতো আত্মস্থ। বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ নিত্য নতুন উদ্ভাৱনীৰে সৈতে তেওঁৰ সখীত্ব আৰু মমত্ব বোধেৰে তেওঁক এগৰাকী বিচক্ষণ কাৰিকৰি জ্ঞান সম্পন্ন প্ৰযুক্তিৱিদ যেনেই লাগে। কিয়নো,অত্যাধুনিক প্ৰযুক্তিৰে তেওঁৰ বাসভৱনৰ ওপৰ মহলাত আছুতীয়াকৈ তেওঁ এটি অডিঅ’ ৰেকৰ্ডিং ষ্টুডিঅ’ নিৰ্মান কৰি উলিয়াইছে। পিছে ইয়াত উল্লেখনীয় কথাটো হৈছে যে ষ্টুডিঅ’টোৰ শব্দ-প্ৰযুক্তিকে লৈ প্ৰয়োজনীয় সমস্ত কাৰিকৰি কাম পাঠকে নিজ হাতেৰে কৰি উলিয়াইছে। তেওঁ স্থানীয় ভাবে উপলব্ধ সামগ্ৰীকে ব্যৱহাৰ কৰি তেওঁৰ জন্মগত উদ্ভাৱনী কৌশল আৰু শৈলিৰে ষ্টুডিঅ’টো নিমÊÇান কৰি উলিয়াইছে। তাত তেওঁ সফলতাৰে কামো কৰিছে প্ৰচুৰ । তেওঁ নিজেই নিজৰ শিক্ষক।
ৰাম চৰণ পাঠকৰ ৰচনা সমগ্ৰৰ মাজৰ অপ্ৰকাশিত উপন্যাস ‘আত্মঘাতীৰ দিনপঞ্জী’ৰ জপনা মুখত থিয় হৈ ওপৰোক্ত কথাবোৰ মোৰ মনলৈ আহি অগা ডেৱা কৰিবলৈ লৈছে। কঃ পন্থা? কেনি যাওঁ, কি কৰোঁ, ক’তেনো সোমাই মৰোঁ অৱস্থা। পুথিখনৰ পাণ্ডুলিপিটো হাতত লৈ দেখিছো পাঠকে সচাঁকৈ এখন অভিনৱ উপন্যাস ৰচনা কৰিছে। তেওঁ কোৱা অনুসৰি ই এখন ত্ৰিকোণ উপন্যাস (ত্ৰিল’জী)।
উপন্যাসখনৰ কাহিনী কাল ১৯৯২ৱখ্ৰীষ্টাব্দ বুলি কোৱা হৈছে। স্মৰ্তব্য যে পাঠক এগৰাকী লিখি খোৱা লেখক নহয়। বৃত্তিত তেওঁ ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী উচ্চ পদস্থ শীৰ্ষস্থানীয় বিষয়া। বৃত্তিগত দায়িত্ব আৰু ব্যস্ততাৰ মাজতো সাহিত্যৰ বিচিত্ৰ ক্ষেত্ৰখনত তেওঁৰ অনায়াস বিচৰণে আমাক বিস্মিত কৰে। সেই কাৰণে তেওঁ সাধুবাদ পাবৰ যোগ্য। ত
‘আত্মঘাতীৰ দিনপঞ্জী’ মূলতঃ এখন আত্ম ভাষণ মূলক উপন্যাস। কাহিনী আগ বাঢ়িছে পিতৃ, মাতৃ আৰু পুত্ৰৰ ত্ৰিকোণ সংঘাতৰ মাজেৰে। ঔপন্যাসিক পাঠকে ওপৰোক্ত চৰিত্ৰ ত্ৰয়ৰ মাজেৰে আগবঢ়া কাহিনীক ত্ৰিলোজী বুলি ক’বলৈ প্ৰয়াস কৰিছে। অৱশ্যে কাহিনী কথন একেগছ সূতাৰে গঁথা। পিতৃ মাতৃৰ সন্তানৰ প্ৰতি মৰম স্নেহ সহজাত প্ৰৱৃত্তিৰ অংশ। আলোচ্য উপন্যাসখনৰ মূল চৰিত্ৰ মাতৃ গৰাকীয়ে অপত্য পুত্ৰ স্নেহত অন্ধ হৈ পুত্ৰৰ উন্নতি আৰু জয় জয়কাৰ ৰূপ চাবলৈ কৰা দুৰ্বাৰ হেঁপাহৰ পৰিণতি শুভ ফল দায়ক নহ’ল। বৰং পুত্ৰৰ অবাঞ্চিত আচৰণে মাক দেউতাকক যি দুখ আৰু যন্ত্ৰণা দিলে সেয়া অপলানীয়। মাকে বিচাৰে পুত্ৰ ভুকুতে কল পকোৱাৰ দৰে আন সকলোৰে শীৰ্ষত থাকক। প্ৰতিবেশী, আত্মীয়-স্বজন, অঞ্চলবাসীৰ আগত এগৰাকী মাতৃৰ অত্যধিক প্ৰদৰ্শনকামিতাই সৰ্বনাশৰ মূল কাৰণ। ফলত, আদৰত ল’ৰা নষ্ট, অহমিকাবোধ আৰু তথাকথিত আধুনিকতাৰ ধামখুমিয়াত পৰি অহেতুক কষ্ট ক্লেশ বৰণ কৰিবলগীয়া হ’ল। ল’ৰাৰ পিতৃৰ কিছু বাস্তৱবোধ থাকিলেও দাম্ভিক মাতৃৰ কলহপ্ৰিয় স্বভাৱৰ বাবে সেয়া অৱদমিত হ’বলৈ বাধ্য হয়। শেহন্তত পুত্ৰ অত্যাচাৰী, অবাধ্য আৰু ভ্ৰষ্ট চৰিত্ৰৰ লম্পটলৈ অধঃপতিত হয়।
পিতৃ, মাতৃ আৰু পুত্ৰক তিনিটা বিন্দুত থিয় কৰাই কাহিনীকাৰে অতীত ৰোমন্থনৰ সহায়ত ঘটনাক্ৰম আগবঢ়াই নিছে। সেইটো কৰোঁতে কাহিনীকাৰ অৱশ্যে ক’তো বিঘ্নিত হোৱা নাই। কাহিনীৰ তিনি চৰিত্ৰ-পিতৃ, মাতৃ, পুত্ৰতিনি বিপৰীত মনস্তত্ত্বৰ তাড়নাত পীড়িত। মাতৃৰ সপ্নৰ পুত্ৰজন সঠিক পথত চলা নাই। ইফালে মাতৃ আৰু পুত্ৰ, দুয়োজনৰ আচৰণৰ বিপৰীত বিন্দুত থাকি পিতৃয়ে তীব্ৰ অন্তৰ্দ্বন্দত ভুগিছে। সেয়া শেহলৈ মনোৰোগলৈ ৰূপান্তৰিত Æহছে। স্বাস্থ্য বিজ্ঞানীৰ মতে হয়তো ই স্কিজোফ্ৰেনীয়া অথবা বাইপোলাৰ ৰোগ হ’ব পাৰে।
ঔপন্যাসিকে দুৰ্ভগীয়া পিতৃগৰাকীক তীব্ৰ মানসিক ছাপ সহিব নোৱাৰি অৱশেষত আত্মঘাতী হ’বলৈ বাধ্য হোৱাটো দেখুৱাইছে। কাহিনীকাৰে ইতিমধ্যে কৈছেই যে উপন্যাসখনৰ মূল কাহিনীভাগ সঁচা কথাৰ আধাৰত। সেয়ে তীব্ৰ মানসিক ছাপ সহিব নোৱাৰি পিতৃগৰাকীৰ আত্মঘাতী হোৱাত বাহিৰে গত্যন্তৰ যে নাই সেইটো অপ্ৰতীয়মান নহ’ৱ।
আমি এই লেখাত কাহিনীটোৰ চৰিত্ৰ সমূহৰ নাম উল্লেখ কৰাৰ পৰা বিৰত আছোঁ। অৰ্থাৎ আমি উপন্যাসখনৰ সমালোচনাও লিখা নাই। ৰুচিশীল পাঠকে গাখীৰ তপতাই তাৰ পৰা ওলোৱা সৰ আৰু সৰ তপতাই তাৰ পৰা ঘি উলিয়াই স্বাদ ল’ব। তদুপৰি, এৱা গাখীৰ উতলাই তাতে টেঙা পানী এচলু মিহলাই চানা উৎপাদন কৰাৰ দৰে আৰু তাৰে পৰাই ভালেমান সুস্বাদু উপজাত মিঠাই তৈয়াৰ কৰি জুতি ল’ব পাৰিব।
অসমীয়া উপন্যাসৰ ১৩৯ বছৰীয়া ইতিহাসত (পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতি’, ১৮৯০ খ্ৰীঃৰ পৰা) ত্ৰিল’জী উপন্যাসৰ ধাৰণাটো আহিবৰ বেছি দিন হোৱা নাই । ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘প্ৰদ্যুম্ন ত্ৰিতত্ত্ব’ অসমীয়া উপন্যাসৰ ইতিহাসত প্ৰথম আত্ম প্ৰকাশ। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত সাপ্তাহিক ‘নৱ যুগ’ৰ ( ১৯৬৫-৬৬ ) কেবাটাও সংখ্যাত ধাৰাবাহিক ৰূপে প্ৰচাৰ পাইছিল। সাহিত্য বাৰ্তালোচনী নৱ যুগৰ সাহিত্য শাখাৰ সম্পাদক আছিল কবি নীলমণি ফুকন। তেৱেঁই সাহিত্যৰ বৰ ঘৰলৈ ত্ৰিতত্ত্ব নতুন আলহীক সাদৰে আদৰি আনিছিল। ড০ শৰ্মাই ফুকনৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰো কৰিছে। গল্পৰ ত্ৰিতত্ত্ব আৰু তাৰে সম্প্ৰসাৰণ ৰূপ উপন্যাসলৈ পৰিব্যাপ্ত কৰাৰ কৌশলটো ড০ শৰ্মাই গ্ৰীক নাট্য ত্ৰিতত্ত্ব (Dramatic Trilogy) ৰ পৰা আহৰণ কৰা বুলি লিখিছে। প্ৰদ্যুম্ন ত্ৰিতত্ত্ব যেনিবা নাটক নহয়। ইয়াক নিত্য নতুন পৰীক্ষা সম্পৰীক্ষাৰে গতিশীলতা দিয়ে। সেয়ে চুটি গল্পৰ বিন্দুকে আয়তক্ষেত্ৰৰ বিস্তাৰেৰে উপন্যাসৰ অনুপম স্বাদ দিয়া বাবে ড০ শৰ্মাউদ্বুদ্ধ হৈ অৰুন্ধতী ত্ৰিতত্ত্ব, পিতনি পুখুৰি ত্ৰিতত্ত্ব, ফুল চৰাই তৰা আদি ত্ৰিল’জীবোৰ লিখি পাঠক সমাজক উপহাৰ দিছে।
আমাৰ আলোচ্য ৰাম চৰণ পাঠকৰ আত্মঘাতীৰ দিনপঞ্জী ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ উপন্যাস সমগ্ৰ পঢ়ি অনুপ্ৰেৰণা লাভ কৰি লিখা বুলি ক’ব নোৱাৰি। কাহিনীকাৰ পাঠকেও কিতাপখনৰ ক’তো সেই প্ৰসংগৰ উমান দিয়া নাই ।
গতিকে অনাসায়ে ক’ব পাৰি যে আত্মঘাতীৰ দিনপঞ্জী উপন্যাসখন ৰাম চৰণ পাঠকৰ স্ব কল্পনা প্ৰসূত, নতুন উদ্ভাৱনী শক্তিৰ ফচল। এটা নতুন প্ৰচেষ্টাৰ ইপ্সিত ফল। সেই বিচাৰত ৰাম চৰণ পাঠক অভিনন্দন পাবৰ যোগ্য।
পাঠকৰ চৰ্চাৰ ক্ষেত্ৰখন দুভাগত বিভক্ত-
কাব্য-গীত আৰু গদ্য।
কবি-গীতিকাৰ, সুৰ সাধক ৰূপে তেওঁৰ সিদ্ধিৰ প্ৰসিদ্ধি আছে। পিছে হাস্য-মৃদু ব্যংগৰ এলানি ৰসাল ৰচনাই সাহিত্য সমালোচকৰ বিত চকুত বাৰুকৈয়ে ধৰা পৰিছে – উচ্চ প্ৰশংসাবাদো লাভ কৰিছে । তাৰে ভিতৰত ৰাম চৰণ পাঠকৰ ‘বৰ বিচিত্ৰ নৰ চৰিত্ৰ’ পঢ়িলে, পাঠক সমাজৰ প্ৰতিজনৰে নয়ন যুুগল যে বিস্ফাৰিত হ’ব সেয়া সঁচা কথা। পাঠকৰ প্ৰকাশভঙ্গী আৰু লেখন শৈলী দেখি বিস্মিতও হ’ব পাৰে! এহো বাহ্যঃ
পাঠকৰ কি অনুবাদ কৰ্ম (ছোটা ভীম প্ৰসংগৰে), কি মৌলিক ৰচনা- চুটি গল্প, একাংকিকা সমূহ, পূৰ্ণাংগ নাটমালা, ৰেডিঅ’ নাট আদি ৰচনা সম্ভাৰৰ মেটমৰা বোজাটো আমালৈ কেতিয়াকৈ দিব, সেইদিনটোলৈ এই শুভেচ্ছামূলক লেখাৰ লেখকৰ লগতে বৃহত্তৰ ৰসজ্ঞ পাঠক সমাজ উদ্দ্ৰীৱ হৈ আছে।
‘তিমিৰ ফাড়িয়া বাজ ৰবিৰ কিৰণ’ পৰিলে অসমীয়া সাহিত্য জগত পোহৰেৰে উদ্ভাষিত হ’ব।
ভৱানী প্ৰসাদ অধিকাৰী