Home

তলত সেয়া মোৰ নিজস্ব সাহিত্য চৰ্চাৰ কৰ্ম থলি
"ষ্টুডিঅ শ্ৰুতি"ৰ বাণীবন্ধন কক্ষত মই
মোৰ সাহিত্য আৰু সংগীতৰ জগতদুখন

মোৰ সংগীত আৰু সাহিত্যৰ অলপতে কৰা কৰ্মৰ তালিকা -

শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত গুণমালাৰ শ্ৰব্য সংস্কৰণ - চিডি আকাৰত |

আমাৰ পৰম শ্ৰদ্ধাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা পুথিখনৰ শ্ৰব্য সংস্কৰণত (অডিঅ চিডিৰে সৈতে) মোৰ গৃহ ষ্টুডিঅ শ্ৰুতিৰ প্ৰথম নিবেদন হিচাপে ২০১৬ খ্ৰীঃত ৰাইজৰ মাজলৈ বুলি আগবঢ়োৱা হৈছে | অসমীয়া ভাষাত অসমত এয়া প্ৰথম পদক্ষেপ বুলি পঢ়ূৱৈ ৰাইজৰ মাজত চৰ্চাও হৈছে | এই অডিঅ চিডিখনৰ সৈতে পুথিখন অসম চৰকাৰৰ দ্বাৰা আয়োজিত “মধুপুৰ মহোৎসৱ, ২০১৬” ত, ২৫-১২-২০১৬ তাৰিখত অসমৰ প্ৰায় সকলো সত্ৰাধিকাৰ প্ৰভুসকল আৰু প্ৰায় দুই হাজাৰ ভক্ত দৰ্শকৰ উপস্থিতিত উন্মোচন কৰা হয় | আমাৰ জীৱনৰ এটা ডাঙৰ সপোন পূৰণ হ’ল যেন অনুভৱ হৈছে |

মোৰ অতি সম্প্ৰতি সাহিত্য কৰ্ম - ছখন গ্ৰন্থ প্ৰকাশ

2020 খ্ৰীঃৰ লক ডাউনৰ সময়ত মোৰ লেখা আৰু প্ৰকাশিত ছখন গ্ৰন্থ

অলপতে (2021 খ্ৰীঃ) মোৰ ওপৰোক্ত ছখন (6 খন) বিভিন্ন ক্ষেত্ৰৰ পুথি প্ৰকাশিত হৈছে | পুথিকেইখন এনে ধৰণৰ - 1.আত্মঘাতীৰ স্বীকাৰোক্তি- সঁচা ঘটনাৰ আধাৰত লিখিত স্কিজ’ফ্ৰেনিক ত্ৰিকোণ উপন্যাস | 2.বৰ বিচিত্ৰ নৰ চৰিত্ৰ -গল্প নহয়, এতাৱত্‍এতলা | 3. সমাদৃত সুহৃদ - সম্পূৰ্ণ নাটক ( দূৰদৰ্শনৰ বাবে) | 4.মনোৰম কাহিনী - শিশু সাহিত্য, ধৰ্ম পুথিৰ পৰা | 5.একাঙ্ক নাটিকা সংকলন ( হাস্য ব্যঙ্গ তিনিখন নাটিকা, প্ৰথম খণ্ড) 6.একাঙ্ক নাটিকা সংকলন ( হাস্য ব্যঙ্গ চাৰিখন নাটিকা দ্বিতীয় খণ্ড)| যোৱা সাতমাহৰ ভিতৰত তিনিশ উনৈশজন (৩১৯) মোৰ ফেচবুক বন্ধু আৰু অন্য পঢ়ুৱৈয়ে কিতাপ ছখনৰ ১৯১৪ খন পুথি ডাকযোগে সংগ্ৰহ কৰিছে | তেখেতসকলৰ অনেকে পঢ়ি ভালপোৱা বুলিও মোক জনাইছে | পুথিকেইখনে পঢ়ুৱৈ সমাজৰ দৃষ্টি আকৰ্ষণ কৰা দেখি মই ভাল পাইছোঁ ৷ আৰু লগতে ৰাইজৰ মাজত সমাদৰ পোৱা দেখি মোৰো আনন্দ নোহোৱা নহয় | আপোনাৰ কিতাপ পঢ়াৰ চৰ্চা আৰু চখ থাকিলে, মোৰ দৃঢ় বিশ্বাস যে মোৰ এই কেইখন পুথিয়ে আপোনাৰ মনৰ খোৰাক যোগান ধৰিবলৈ সক্ষম হ’ব | আপুনিও ইচ্ছা কৰিলে ডাক যোগে কিতাপকেইখন পঠিয়াব পৰা যাব ৷কিতাপ ছখনৰ ছপা মূল্য মুঠ ৮০০ টকা ৷ পিছে মই পঠিওৱা ডাক খৰচ সহ ৫০০ টকাত পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ | এই টকা পাঁচশ (৫০০) Gpay (মোৰ 7002954165 নম্বৰ মোবাইলত Gpay আছে) জৰিয়তে দিব পাৰিব | মোৰ GPAY ID হৈছে : rcpathak08@okaxis অথবা Net banking ৰ জৰিয়তেও পঠাব পৰা যায় ৷ মোৰ Net banking ৰ details হ'ল Ram Charan Pathak, A/C No. 10055681139 State Bank of India : IFS SBIN0007700. Guwahati Medical College Branch, Bhangagarh.

আগন্তুক অনেক পৰিকল্পনা আছে

অসমত এখন অভূতপূৰ্ব গৱেষণা পুথিৰ জন্ম লগ্নত

এইযে বৰণীয় হাতবোৰ

এই যে বৰণীয় হাতবোৰ- অসমৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই অহা বৰণীয় ব্যক্তিসকলক লৈ তেখেতসকলৰ কৰ্মৰাজি আৰু জীৱনভিত্তিক উপজীব্য হিচাপে লৈ এখন গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি বিগত দহ বছৰৰ পৰা মোৰ নিজৰ প্ৰচেষ্টাত চলি আছে |

বৰেণ্য ভাষাবিদ প্ৰয়াত ডক্তৰ গোলোক চন্দ্ৰ গোস্বামীৰ সোঁহাতৰ মই লোৱা ছবি

যিখন হাতে অলেখ সৃষ্টি কৰিছিল

অসমীয়া ভাষাবিদ,সাহিত্যিক আৰু গৱেষক প্ৰয়াত ডক্তৰ গোলোক চন্দ্ৰ গোস্বামীৰ এয়া সোঁহাতৰ ছবি |

অলেখ সৃষ্টিৰ গৰাকী আৰু সাক্ষী এই বৰণীয় হাতখন |

বিশিষ্ট সাহিত্যিক গৱেষক ডক্তৰ গোলোক চন্দ্ৰ গোস্বামীৰ সোঁহাতৰ মই লোৱা ছাপ |

লেখহীন সৃষ্টিৰ গৰাকী এই হাতখন

মোৰ "এইযে বৰণীয় হাতবোৰ" প্ৰযুক্তিটো চালুকীয়া অৱস্থাতে আছে | কাম অৱশ্যে আগ বাঢ়ি আছে |

ইচ্ছা কৰিলে মতামত দিব
5/5