একেখনিহে দেশ

ভাৰতত অনেক বিভিন্নতাৰ বিপৰীতে
  ঐক্য, সংহতি আৰু অখণ্ডতাৰ
বিষয়ে  ৰচিত দেশপ্ৰেমমূলক সঙ্গীতালেখ্য
 একেখনিহে দেশ

 

              এয়া পৃথিবীৰ অন্যতম এখন বৃহত্‍ গণতন্ত্ৰৰ জন্ম বেদনাৰ কাহিনী |  জনগণৰ মুক্তিৰ কথা | আমাৰ দেশ ভাৰতবৰ্ষৰে পৰাধীনতাৰ শৃঙ্খল চিঙি স্বাধীন ভাৰত হোৱাৰ দোকমোকালি  ক্ষণৰ কথা |

            এফালে যেতিয়া শতিকাজোৰা পৰাধীনতাৰ শিকলি ওফৰাবলৈ উত্তৰে হিমালয়ৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে আৰু পূৱ প্ৰান্তৰ অসমৰ পৰা পশ্চিমে গুজৰাটলৈকে জাকে জাকে ডেকা গাভৰু, আৱাল বৃদ্ধ বনিতা উদ্‍বাউল হৈ পৰিছিল মহাত্মা গান্ধীৰ অহিংস সংগ্ৰামৰ আদৰ্শেৰে ; আন ফালে আকৌ আন এচাম যুৱক যুৱতী গান্ধীজীৰ অহিংস সংগ্ৰামৰ বিপৰীতে সমুখ ৰণৰ ৰক্তাক্ত সংগ্ৰামৰ বিশ্বাসী হৈ ৰণ হুঙ্কাৰেৰে ওলাই আহিছিল ৰাজপথলৈ | এইচাম যুৱক যুৱতীয়ে নিজৰ বুকুৰ শেষ বিন্দু কেচা তেজ দি হ’লেও নিজ দেশ মাতৃক শোষণমুক্ত কৰিবলৈ, স্বাধীন কৰিবলৈ হাতত তুলি লৈছিল চঙ্গীন, মুক্ত অস্ত্ৰ | এই নতুন সৈনিক, নতুন বল  বদ্ধ পৰিকৰ হৈছিল ৰণহুঙ্কাৰ লৈ | হাতে হাতে অস্ত্ৰ লৈ খাকী পোচাক পৰিহিত  অলেখ ডেকা গাভৰুৰ  দল শোভাযাত্ৰা কৰি যোৱা পৰিদৃশ্যমান হৈছিল –

                        (গীত)  

প্ৰাণত আমাৰ দেশ গাও যাৰ গান

সোণত সুৱগা বেশ অতুলন মান,

মৰোঁ দেশৰ বাবে কৰোঁ ৰণস্নান

আহঐ আহঐ হৈ আগুৱান ||

            খোজৰ ভৰত কঁপা দেশৰ মাটি

            মনৰ মাজত থাপ তাৰেই খিয়াতি

            জনমভূমিৰো ৰাখ খিয়াতি মহান,

            আহঐ আহঐ হৈ আগুৱান ||

সমুখ ৰণত গ’লোঁ, নাহো উলটি

জীৱন পণত থলোঁ, ল’ম কিৰিতি;

বিজয় তিলক আইৰ হ’ব অম্লান

আহঐ আহঐ হৈ আগুৱান ||

            ***

                

সেয়া আজি অৰ্দ্ধ শতাব্দীৰ আগৰ, সত্তৰ বছৰ আগৰ  কথা | এচাম যুৱক নিজৰ অতি চেনেহৰ দেশখন স্বাধীন কৰিবলৈ সাময়িক ভাবে  নিজ দেশৰ পৰা আঁতৰত থাকি – সঙ্ঘবদ্ধ হৈ সহায়কাৰী চুবুৰীয়া দেশৰ পৰা ৰণহুঙ্কাৰেৰে আগবাঢ়ি আহিছিল নিজ দেশৰ ফালে | সেয়া ১৯৪২ খ্ৰীষ্টাব্দৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা | স্বাধীনতাৰ সপোন লৈ এচাম তেজাল ভাৰতীয় যুৱকে দক্ষিণ-পূৱ এচিয়াত বিশেষকৈ কিছু জাপানীলোকৰ সহায়ত আজাদ হিন্দ ফৌজ নামৰ এক সসস্ত্ৰ বাহিনীৰ জন্ম দিয়ে | উদ্দেশ্য নিজ মাতৃভূমিক বৃটিছ শাসনৰ পৰা মুক্ত কৰা |

                            সেই সপোন লৈয়েই হয়তো এদিন আমাৰ মুলুকৰ পৰাও কোনোবা দুখুনী মাতৃৰ  একমাত্ৰ সন্তানেও দূৰ্গম হাবি বননি অতিক্ৰম কৰি দূৰ্জেয় পাহাৰ বগাই, হেজাৰ বিপদ বিঘিনি নেওচি আগবাঢ়ি আহিছিল দেশমাতৃক বিদেশী কবলৰ পৰা উদ্ধাৰ কৰিবলৈ | কেতিয়াবা হয়তো ক্ষন্তেক জিৰণিৰ সময়ত তেওঁৰ মাতৃৰ মলিন মুখখনিয়ে তেওঁক কেতিয়াবা বৰকৈ আমনিও কৰিছিল | …বিহ্বল কৰি তুলিছিল |

              (গীত) 

আই, মোৰ আই, আই মোৰ আই

মোৰ জনমৰে আই |

তোৰেই মু-খনি কৰেহি আমনি

নিৰলাত বহিলে আই ||

             সমুখ সমৰ ভীষণ পণ

            জিকিম ৰণ দিও  জীৱন

            তোৰ মলিনতা দূৰ কৰিবলৈ          

            নাই মোৰ জিৰণি নাই ||

                         (পিছে মাতৃৰ সেই মুখখনিয়ে তেওঁক প্ৰেৰণাও দিছিল–)

নাই সময় কথা কোৱাৰ                                  

নাই সময় ওভতি যোৱাৰ

তোক ৰখাৰ পণত আহিছোঁ

আশিষ দিবি তই আই ||

         ***

            হাবিতলীয়া অস্থায়ী বাঙ্কাৰত অতন্দ্ৰ প্ৰহৰীৰ দৰে ৰৈ ৰৈ, কেতিয়াবা শিবিৰত বহি নিজৰ খবৰ একমাত্ৰ মাতৃ আৰু ভনীয়েকলৈ চিঠিৰে জনায় | সেই চিঠিৰেই জনায় দেশমাতৃক লৈ তেওঁলোকৰ সপোনৰ কথা, বিজয়ী হৈ ওভতি অহাৰ কথা | মাতৃৰ হাঁহিতে নিজেও হঁহাৰ কল্পনা কৰি লিখে-

                  (গীত)  

আই ঐ যুঁজলৈ ওলালোঁ মই

চোতালৰ আগত তুলসীতলত

আশিৰ্বাদ কৰিবি তই ||

            একেজনী ভনী আৰু তোৰে খবৰ

            কালিৰে ডাকতে পাই,

            উত্তৰ লিখিছোঁ তোৰ আশিষেৰে

কুশলেই আছোঁ মই |  …….ক্ৰমশ…

                                                      (হৃদয়ত কিমান দৰদ | মনত কিমান হেঁপাহ…)                         

পুৱাতেই উঠিছোঁ ৰণলৈ ওলাইছোঁ

সমুখতে পণ লই,

সংকেত আহিব যাবই লাগিব

মুখতে হাঁহিটি লই ||

হেজাৰ মাইলৰ তেও যে ওচৰৰ

তই আছ বাট চাই…

শতৰু নেমাৰি কোননো সতেৰে

ঘৰলৈ উলটিমে আই,

তোৰো হাঁহিয়ে মোকো হঁহুৱাব

জনম দায়িনী আই ||

        ***

           তুমুল সংগ্ৰামত জীৱনৰ শেষ বিন্দু ৰক্ত দি নিজ মাতৃক প্ৰণিপাত জনাই কেতিয়াবা নিজৰ দেহ বলিদান দিয়া একো একোজন বীৰ জোৱানৰ জীৱনাহুতি সতীৰ্থ সৈনিক সকলৰ বাবে দুখৰ কাহিনী নহয়; সেয়া যেন প্ৰেৰণাৰ উত্‍সহে | পৰদেশভূমিত বীৰপ্ৰাপ্তি পোৱা এনেহেন একোজন বীৰ জোৱানক তেওঁলোকে সম্পূৰ্ণ বীৰত্বৰ শ্ৰদ্ধাঞ্জলিৰে  আদৰণি জনায় | পুষ্পাঞ্জলি আৰু ফুলৰ মালাৰে ওপোচাই দি সৰ্বান্তকৰণেৰে আৰু সম্পূৰ্ণ সামৰিক প্ৰথাৰে শ্ৰদ্ধা জনায় ..

               (গীত)          

জয় মালা লোৱা ন-জোৱান, ন-জোৱান |

আঁচলৰ ধন, জননীৰ তুমি আদৰৰ সন্তান ||

            শুভ্ৰ শিখৰ ফুল, নলিনী

           বনৰ হৰিণি, হেজাৰ তটিনি

          ভক্ষক হৰা ৰক্ষক তুমি

           তুমি সন্তান সু-মহান ||

কঁপিলে কঁপক এই ধৰণী

জাগ্ৰত তুমি অমৰ সেনানী

তোমাৰ তিয়াগে ৰাখে নিৰবধি

জননীৰ মান অম্লান ||

            দেশৰ বাবে আছিলা তপ্ত

            তুমি দেশৰ বাবে হ’লা ৰিক্ত

            জননীৰ দুখ গুচাবৰ হেতু তুমি  নহয়  শুপ্ত,

             দেশৰ বাবে ছহিদ হই তুমি, হ’লা  যে মহীয়ান ||

           ***

              সেই বীৰ সৈনিক হৈ পৰে প্ৰেৰণাৰ উত্‍স, এক কিংবদন্তী | এনেহেন জীৱন বলিদান দিয়া জন জাগৰণ আৰু বাপুজীৰ,  মহাত্মা গান্ধীৰ শকতিৰ আগত জানো সাত সাগৰ তেৰ নদীৰ সিপাৰৰ  এমুঠি বিদেশীৰ শাসনৰ বাঘজৰীয়ে তেতিয়াৰ তেত্ৰিশকোটি জনগণক আৱদ্ধ কৰি ৰাখিব পাৰে ? নোৱাৰে | নোৱাৰিলে | হেজাৰ জীৱনৰ বলিদান, অসংখ্যজনৰ তিয়াগৰ বিনিময়ত পৰাধীনতাৰ শৃঙ্খল ছিঙি ওলাই আহিল ভাৰতীয় জনগণ | দেশ স্বাধীন হ’ল | আমি স্বাধীন হ’লোঁ | জন্ম হ’ল এখন নতুন ভাৰতৰ | নতুন আশাৰ | নতুন হেঁপাহৰ | সেয়ে স্বাধীনতাৰ সেই প্ৰথম পুৱাত-

        গীত

নৱ বৰষৰ আজি প্ৰথম পুৱাত

মিলিজুলি গাওঁ আহা নতুনৰ গান,

গাওঁ আহা নতুনৰ গান ||

            পুৰনি কালিমা ক্লেদ উটি উটি য’ক

            নতুনৰ বাট আজি হ’ক জোতিমান ||

নৱ শকতিৰে সউ উঠিছে সূৰুজ

নতুন ৰঙেৰে বোলাই পূৱালী আকাশ,

আমাৰ সপোনবোৰ হ’ব সোণালী

হতাশাৰ নাই অৱকাশ |

মনত নতুন বল, হওঁ গতিমান ||

           ***

         জন্ম হ’ল গণতন্ত্ৰৰ | বিশ্বৰ এখন অন্যতম বৃহত্‍ গণতন্ত্ৰৰ | এপৃথিবীজোৰা মানুহৰ অগণন ৰাষ্ট্ৰৰ মাজত আৰু এখন স্বাধীন ৰাষ্ট্ৰ,  ভাৰতবৰ্ষ | আমাৰ চেনেহৰ ভাৰতভূমি | এশ কুৰিকোটিৰো অধিক জনগণৰে পূৰ্ণ আজি এই ভাৰতবৰ্ষ | বিভিন্ন ভাষা, বিভিন্ন বৰ্ণ, ভিন্ন কৃষ্টি, ভিন্ন দৃষ্টিৰ সৃষ্টিৰে সমৃদ্ধ আমাৰ দেশ | ভিন্ন জনগোষ্ঠিৰে পূৰ্ণ সমন্নয়ৰ থলি আমাৰ ভাৰতবৰ্ষ | হিমালয়ৰ পৰা আসমুদ্ৰ এই বিশাল উপমহাদেশ ভাৰত আমাৰ | আৰু আমি ? আমি ভাৰতৰ | অনেক অনৈক্য অনেক ভিন্নতাৰ মাজত ঐক্য আৰু অভিন্নতাৰে ভৰা আমাৰ ভাৰত একেখনেই | একেখনিহে দেশ-

          ***

             (গীত)   

ভিন্ন ভাষা ভিন্ন আশা ভিন্ন ভিন্ন বেশ |

কৃষ্টি সৃষ্টি হ’লেও ভিন্ন, কৃষ্টি সৃষ্টি হ’লেও ভিন্ন,

একেখনিহে দেশ, ভাৰত আমাৰ দেশ ||

            হিমালয়ে গঢ়া আমাৰ উদাৰতা, সাগৰৰ দৰে মন

            লুইত, কাবেৰি, গংগা, যমুনাত বিধৌত জন অগণন,

            গোটেই পৃথিবী বিচাৰি ফুৰিও ক’ত পাবি এই লেখ ||

এয়ে সেই দেশ, অহিংসাৰে যি স্বাধীনতা লভিলে

এয়ে সেই দেশ, মানৱতাৰে যি জগত মুহিলে,

এয়ে সেই দেশ, হাঁহি হাঁহি আহি

জীৱন আহুতি দিয়া বীৰৰ সমাবেশ  

গোটেই পৃথিবী বিচাৰি ফুৰিও ক’ত পাবি এই লেখ ||

                  ******

( বি: দ্ৰ: আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত )

গীতৰ কথা আৰু সুৰ : ৰাম চৰণ পাঠক (আকাশবাণী স্বীকৃত গীতিকাৰ)

প্ৰযোজনা : পুস্প কান্ত বড়া, আকাশবাণী গুৱাহাটী |

      *******

  

Leave a Reply

Your email address will not be published. Required fields are marked *