সংগীতা্লেখ্য
ৰচনা:
শ্ৰীৰামচৰণ পাঠক
(আকাশবাণীৰ স্বীকৃত গীতিকাৰ)
বিৰুবাৰী; গুৱাহাটী : অসম |
(৯৮৬৪২৬৪৭৪৭ আৰু 7002954165 )
বি:দ্ৰ: আকাশবাণীত কাতিবিহু উপলক্ষে প্ৰচাৰিত.
====
আজি কাতিবিহু | লুইত আৰু বৰাকৰ পাৰৰ, আমাৰ হেঁপাহৰ শতিকাজোৰা বাপোতি সাহোন তিনিটি বিহুৰ মাজৰে এটা বিহু | কাতিবিহু | বহাগবিহুৰ ৰং ধেমালিৰ মাজতে পতা ৰঙালীবিহু আৰু মাঘবিহুৰ উভৈনদী ভোগৰ মাজত উৎযাপিত ভোগালীবিহুৰ তুলনাত এই বিহু অৱশ্যে আৰম্বৰহীন | ইয়াৰ কাৰণ হ’ল পৰিবেশ আৰু সময় ৷ আন দুটা বিহুৰ সময়ৰ তুলনাত কাতিমাহৰ সময়ত সকলো ভোগৰ সামগ্ৰী মহঙা হয় | ভোগৰ সামগ্ৰী আৰু বস্তু বাহানি প্ৰায় দুষ্প্ৰাপ্যৰ নিচিনা বুলিয়েই ক’ব পাৰি | সেই হেতুকে এই বিহুক পালন কৰিবলগীয়া হয় অনুষ্টুপীয়াকৈ | সেই বুলি ইয়াৰ অস্তিত্ব, ইয়াৰ বৈশিষ্ট উলাই কৰিব নোৱাৰি | এই কাতিবিহু যেন বহাগৰ ৰঙালীবিহু আৰু মাঘৰ ভোগালীবিহুক জোৰা লগোৱা এডাল সেঁতুহে |
শাৰদীয় দুৰ্গা পূজাৰ উলহ মালহ, উদূলি মুদূলিৰ মাজত, আনন্দ উৎসাহ শাম নৌ কাটোতেই আৰু শান্ত শীতলা আই লক্ষীদেৱীৰো পূজা ভাগৰ আগতেই আহিনক বিদায় দি শৰতে নিয়ৰৰ দলিচা পাৰি আদৰি আনে কাতিমাহক |
ধান গছৰ থোৰ মেলাৰ বতৰ এই কাতিমাহ | আহিনমাহ আৰু কাতিমাহৰ সংক্ৰান্তিৰ এই দিনটোতেই পালন কৰা হয় আমাৰ কাতিবিহু | সাধাৰণতে এই দিনটোৰ পৰাই ধানৰ গছত থোৰ মেলিবলৈ ধৰে | বিহুৰ দিনা ৰাতিপুৱাৰ পৰাই গাওঁত আৰম্ভ হয় বিহুৰ প্ৰস্তুতি | পুৱাতেই চোতাল আৰু ঘৰৰ চৌহদ পৰিস্কাৰ কৰি চোতালৰ আগত থকা তুলসীতল চিকুনাই মচি থোৱা হয় | আৱশ্যক হ’লে নতুনকৈ তুলসীৰ পুলি ৰোৱা হয় | সন্ধিয়া তাৰ তলত চাকি জলায় আৰু মাহ প্ৰসাদৰ ব্যৱস্থা কৰে |
ইফালে সন্ধিয়া ঘৰৰ খেতিয়ক অথবা মুখিয়ালসকলে পথাৰলৈ গৈ ধাননিৰ মাজত চাকি জলায় | এই চাকি জলোৱাৰো পদ্ধতি এটা দেখা যায় | তিনি ফুটমান দীঘল তিনিটা বাঁহৰ খুটি লোৱা হয় | খুটি তিনিটা একেলগ কৰি এমূৰত বন্ধা হয় | খুটি তিনিটাৰ বন্ধা মূৰটো ওপৰ ফালে থাকে আৰু নবন্ধা মূৰটো তিনিফালে মেলি দি দুই ফুটমান আঁতৰকৈ থিয় কৰি ৰখা হয় | বন্ধা মূৰটোত কলগছৰ দুই ইঞ্চি মান দীঘল সৰু টুকুৰা এটা কাটি সুমুৱাই দিয়া হয় যাতে তাৰ ওপৰত চাকি গছ বাগৰি নপৰাকৈ ৰাখিব পৰা যায় | ঘৰত বিজুলী বাঁহ থাকিলে খুটিকেইটা বিজুলী বাঁহেৰে কৰিবলৈ সুবিধা | এই পদ্ধতিৰে জলালে চাকিবোৰ ধানৰ গছবোৰৰ ওপৰত দেখা যায় | সন্ধিয়া যেতিয়া গোটেই পথাৰখন তেনেকুৱা জ্বলন্ত চাকিৰে ভৰি পৰে, পথাৰখনত এক অপৰূপ সৌন্দৰ্যই বিৰাজ কৰে | পিছে এনেকৈ হেজাৰ হেজাৰ চাকি অকল সৌন্দৰ্যৰ বাবেই জলোৱা নহয় | এই চাকি জলোৱাৰ এটা উদ্দেশ্য আছে | পথাৰৰ ফৰিং, চগা আৰু ধানগছৰ অনিষ্টকাৰী পোক পৰুৱা হেজাৰ হেজাৰ জ্বলন্ত চাকিত জঁপিয়াই পৰি জাহ যায় | পথাৰখন যাতে এনে অনিষ্টকাৰী পোক পৰুৱাৰ পৰা ৰক্ষা পৰে তাৰ বাবে এই ব্যৱস্থা | ঘৰৰ গিৰিহঁত চাকি জলাই ধানৰূপী লখিমীক সেৱা কৰি ঘৰলৈ ওভতে | আশাকৰে চাকিৰ জুইত অনিষ্টকাৰী চগা, ফৰিং, পোকবোৰ জঁপিয়াই পৰি জাহ যাব | আৰু ধানৰ কোমল থোৰবোৰ ৰক্ষা পৰিব | সেই আশাৰে ধানৰ নতুন প্ৰজন্মক আদৰণি জনায় |
ইফালে ঘৰত, চোতালৰ আগত, দিনৰ ভাগতেই চিকুনাই ৰুই থোৱা তুলসীতলত সন্ধিয়া গৃহিণীয়ে অথবা আন কোনোবাই চাকি জলায় আৰু সেৱা কৰে | অলপীয়াকৈ হ’লেও মাহ প্ৰসাদেৰে এখনি শৰাই আগবঢ়াই লখিমী আইক স্তুতি কৰে- এই মহঙা দিনতো যাতে আই লখিমী ঘৰ এৰি নেযায়, গাওঁ এৰি নেযায় | আমাৰ লখিমী আই দয়াৱতী | দণ্ডৱতে সেৱা কৰি আইক বন্দনা কৰি গায়-
দয়াৰে লখিমী আই, আমাকে নেৰিবা আই ৷
দণ্ডৱতে পৰি, মাতিছোঁ কাতৰি
দণ্ডৱতে পৰি, মাতিছোঁ কাতৰি
এগছি চাকি জলাই ||
পথাৰত লখিমী আই, ৰাখিছোঁ চাকি জলাই ৷
খোৱা লোৱা দিয়া, একো নাইকিয়া
দোষ নধৰিবা আই ||
চোতালৰে আগত, ভঁৰালৰো চুকত
তাতো এগছিকৈ চাকি,
কিনো থম কিনো দিম, কিহেৰে আদৰিম
সেৱা বিনে আই, নাই বাকী |
ঘৰৰে লখিমী, ঘৰতে থাকিবা
কাঙালী দিনতো আই ||
******
চোতালৰ আগত, ভঁৰাল ঘৰত, পদূলি মূৰত, বাৰীৰ ঢাপত আৰু থকা ঘৰৰ ভিতৰতো এগছি এগছিকৈ চাকি জলায় | আই লখিমীক সেৱা কৰে, প্ৰাৰ্থনা কৰে |
এইফালে আকৌ সন্ধিয়া হোৱাৰ পাচত গাঁৱৰ ল’ৰা, ডেকা, বুঢ়া আটাইবোৰ লগ হৈ, খোল, তাল, ভোৰতাল বজাই মনৰ আনন্দতে নাম গাই চাপৰি বজাই গীত গাই গাই প্ৰতিঘৰ মানুহৰ চোতাললৈ যায় | পাছে পাছে উৰুলিকৃত সৰু সৰু ল’ৰা ছোৱালীৰ জাক | কাৰো হাতত বাঁহৰ টকা, কাৰো হাতত চুটি ৰচীত বান্ধি লোৱা অথবা বাঁহৰ এচাৰিৰ মূৰত ফুটাই লোৱা জ্বলন্ত নাহৰ গছৰ গুটি | প্ৰতি ঘৰৰ পদূলি মুখৰ পৰাই সুৰ লগাই নাম গাই গাই চোতালত প্ৰবেশ কৰে | গায়-
তুলসীৰ তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে,
অ’ হৰি অ’, কি অ’ জয়
জয় হৰি গোপাল গোবিন্দ ৰাম |
==
কেতিয়াবা এই নামবোৰৰ দিহাৰ লগত পদবোৰৰ কোনো সংগতি কাণত নপৰে | আকাশৰ চন্দ্ৰৰ গাত থকা ক’লা ক’লা দাগবোৰক একো একোজোপা প্ৰকাণ্ড তুলসী গছ কল্পনা কৰি কিম্বদন্তিৰ জখলাৰে নামি অহা অনেক পদ, কীৰ্তন, দশম, ৰামায়ণ আনকি মহাভাৰতৰ পদৰ লগতো ৰজিতা খুৱাই গোৱা শুনা যায় | ঘৰে ঘৰে নাম গাই গাই চোতালৰ আগত, গিৰিহঁতে আগৰ পৰাই সজাই থোৱা মাহ প্ৰসাদৰ শৰাই ভাঙে আৰু প্ৰসাদ খায় |
গাঁৱৰ প্ৰতিঘৰত সমূহীয়াকৈ প্ৰসাদ খাই যেতিয়া ৰাইজ ঘৰাঘৰি ওভতে, তেতিয়া ৰাতি হয়তো দুপৰ হয়গৈ | তেতিয়া জোনাক | আকাশত শুভ্ৰ জোনাকৰ খেলা | স্নিগ্ধ ধৱল ৰাতি, যেন ৰূপৰ মেলা | চৌদিশ যেন কবিতাময় | মনলৈ আহে-
আজি সন্ধ্যা মধুছন্দা
ফুলিছে ৰজনী গন্ধা
স্নিগ্ধ জ্যোত্স্নাই আনিছে নমাই
শুভ্ৰ অলকানন্দা ||
শীত বসন্ত বৰষা বাগৰি
আকৌ শৰত আহিছে |
ৰজনীগন্ধা শেৱালি ফুলি
মৃদু সুবাস বিলাইছে –
কি যে এই বেলা ৰূপৰ মেলা
নিবিড় আনন্দৰ সন্ধ্যা ||
এই মায়াময় সন্ধ্যা
সদ্যস্নাতা মহাশ্বেতা
অদ্য পৰিণিতা কন্যা |
যেন আহিছে উলটি
ঢৌৱে ঢৌৱে উটি
ৰূপ বিঅগলিত বন্যাত
যি ঋতুৱে ঋতুৱে বন্ধা
স্নিগ্ধ জ্যোত্স্নাই আনিছে নমাই
শুভ্ৰ অলকানন্দা ||
==
বহু লোকৰ ঘৰত আকৌ নিশা আকাশবন্তিও জলায় | এই আকাশবন্তি বা আকাশবাতি হ’ল এডাল দীঘল বাঁহ চোতালৰ আগত পুতি তাৰ আগত চাকি এগছ জলাই বতাহেও নুমাব নোৱৰাকৈ যতন কৰি ওলোমাই ৰখা হয় | ঠিক আজি কালি খ্ৰীষ্টমাচৰ তৰাটো বাঁহৰ আগত ওলোমাই ৰখাৰ নিচিনাকৈ | এই আকাশবন্তি নিতৌ জলায় গোটেই ৰাতি জলাই ৰাখে | মাহতোলৈ জলাই ৰাখে | আকাশবন্তি জলোৱাৰো হয়তো বিশেষ উদ্দেশ্য আছে | চগা, ফৰিং আদি পোক এই চাকিত জঁপিয়াই পৰি পুৰি মৰে | অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থা |
পিছে কাতিবিহুৰ এই ছবি আজি আপুৰুগীয়া | সকলো ঠাইতে দেখা নেযায় | আজিৰ ল’ৰা ছোৱালীয়ে ইয়াক হয়তো দেখাই পোৱা নাই | চহৰ অথবা নগৰৰ কথাতো নক’লোৱেইবা, গাঁৱতো আজি ই পৰিদৃশ্যমান নহয় | ই যেন কোনো অতি পুৰণি সাঁচিপাতৰ পুথিৰ এখিলা দুষ্প্ৰাপ্য পাতৰ দৰে অতি পুৰণি হৈ গ’ল | অজান দিনৰ কোনো অজান বিহুৱাৰ হয়তো কোনো সতৰ্ক অথবা অসতৰ্ক মুহূৰ্তত মুখৰ পৰা ওলাই অহা এটি অতি চিনাকি বিহু গীতৰ কলিৰ কথাখিনি আজি যেন সঁচা হৈ গ’ল | সেইযে চিনাকি বিহু গীতৰ কলিটি—
বিহু বিহু বিহুটি, আমাৰ বিহু তিনিটি
কাতিবিহু কঙালী, মাঘৰ বিহু ভোগালী
বহাগতে ধেমালি কৰোঁ |
মুখে মুখে বাগৰি অহা আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিয়পি থকা এই বিহু গীতৰ কলিটি আমাৰ আপোন | অতিকে চিনাকি | পিছে তাত কাতিবিহুৰ ছবিখন বৰ দুখ লগা | অতি দুখীয়া |
কিন্তু সঁচাকৈ এই কাতিবিহু জানো কঙালী ? নহয় | ই কঙালী নহয় | নহয় ই দুখীয়া | মাঘৰ উভৈনদী ভোগৰ সম্ভাৰ কাতিবিহুত নাই সঁচা | আৰু ইয়াত হয়তো নাই বহাগবিহুৰ দৰে ৰং, উলহমালহ, বিহু ঢোলৰ গুমগুমনি, জাক জাক বিহুৱা ডেকা গাভৰুৰ দল | আৰু নাই বহাগৰ চিনাকি কুলি কেতেকীৰ মৌ সনা, বিনন্দীয়া মাত | হয়তো নাই পেঁপা গগণাৰ চিত উতলোৱা বিহুৰ সুৰ, ৰৈ ৰৈ মৰা বিহুৱাৰ বলীয়া চিঞৰ অথবা বিশাল পথাৰৰ মাজত থকা প্ৰকাণ্ড আঁহতৰ তলত লুকাই চুৰকৈ পতা গাভৰুহঁতৰ জেং বিহুৰ দল | হয়তো নেথাকিব পাৰে ন-পুৰণি জোঁৱাই আৰু মিতিৰ কুতুমেৰে সৈতে লগ হৈ এসাঁজ উদৰ পূৰাই খোৱাৰ ব্যৱস্থা | কিন্তু প্ৰকৃতিৰ সৌন্দৰ্যৰ তুলনাত কাতিমাহৰ এই ঋতুও কম নহয় | দুখীয়া নহয় | নহয় ই কঙাল | শান্ত, সমাহিত, সুদৃশ্য সেউজীয়া পথাৰৰ ৰং, শৰতৰ শুভ্ৰ ধৱল জোনাক, কমোৱা তুলাৰ দৰে অ’ত ত’ত উৰি ফুৰা ৰাতিৰ আকাশৰ শুকুলা ডাৱৰৰ খেলা দেখা পোৱা যায় কাতিমাহৰ সময়তেই | নৈৰ বুকুত, বৰ লুইতৰ বুকুত ফুলা কঁহুৱা ফুলৰ সীমাহীন সৌন্দৰ্যই দুনয়ন ভৰাই তোলে এই ঋতুতেই | প্ৰভাতৰ শীতল পৰশে, সেউজীয়া ধাননি পথাৰৰ কেচা গন্ধে দেহা মন ভৰাই তোলে, প্ৰফুল্লিত কৰে কাতিবিহুৰ এই ঋতুতেই |
আজি উদৰ পূৰাই খোৱা আৰু ভোগ বিলাসৰ মোহে, উন্মত্ত আৰু উত্ৰাৱল অপসংস্কৃতিৰ প্ৰভাৱত কাতিবিহুৰ অস্তিত্বই যেন কালৰ বুকুত লাহে লাহে হেৰাই গৈ আছে | কাতিবিহুৰ সময় ভোগৰ সময় নহয় সঁচা | নেথাকিব পাৰে ইয়াত বহাগৰ ৰং, মাঘবিহুৰ ভোগ; পিছে ই কঙালীও নহয় | এই কথাকেই যেন কাতিবিহুৱে আমাক সোঁৱৰাই দিব খোজে দুখেৰে-
ভোগালী ৰঙালী, দুটি বিহু পাতি-
পাতি ৰজনজনাই |
কাতিবিহু বুলি মোক
মনত আছেনে নাই
দিওঁ সোঁৱৰাই ||
বহাগত ধেমালি, নাচি নাচি গাই
ঢোল পেঁপা গগণাৰে ৰজনজনাই |
কাতিত চাকি জ্বলাই সেৱাটি জনায়-
সেয়াও নাই আজি নাই নাই নাই,
কাতিবিহু বুলি মোক
মনত আছেনে নাই
দিওঁ সোঁৱৰাই ||
মাঘৰ ভোগালীৰ লখিমীকো মই
ময়ে আনো মাতি পথাৰ সেউজীয়া হৈ |
ৰঙালী ভোগালীৰ সহোদৰ ভাই,
কঙালী নহওঁ মই একে ককাই ভাই,
একে ককাই ভাই ||
*******
কাতিবিহুৰ জন্ম প্ৰক্ৰিয়া আচলতে আৰম্ভ হয় ভাদমাহতেই | ভাদমাহক আমি পুণ্য মাহ বুলি গণ্য কৰোঁ | ভাদমাহত নিতৌ সন্ধিয়া চহৰ-নগৰ অথবা গাওঁ অঞ্চলৰ প্ৰতিটো নামঘৰৰ পৰাই ভাহি অহা খোল, তাল ডবা আদিৰ গুৰু গম্ভীৰ শৱদে আন্দোলিত কৰে প্ৰতিজন অসমীয়াৰ মন | নামঘৰৰ প্ৰসংগৰ সুৰ আৰু নামৰ ধ্বনিয়ে চুই যায় হিয়া মন | সুৰ্যোদয়ৰ পৰা সুৰ্যাস্তলৈকে পথাৰৰ একাঠুৱা বোকাত কাম কৰি কৰি খেতিয়কৰ ভাগৰুৱা দেহা মন নামৰ ধ্বনিত শাঁত পৰে | পিচদিনা পথাৰত নতুন উদ্দমেৰে কাম কৰাৰ প্ৰেৰণা পায় | দেহা মন আকৌ সতেজ হয় | মনত বল বাঢ়ে, হেঁপাহ বাঢ়ে | ভাদৰ এই মাহজোৰা প্ৰক্ৰিয়াৰ ফল স্বৰূপে ক্লেদযুক্ত পথাৰে সামৰি লয় গছি গছিকৈ এপথাৰ জীৱন্ত বীজ; ধানৰ কঠিয়া | এই ভাদমাহে প্ৰতিশ্ৰুতি দিয়ে পথাৰৰ ধানক লালন পালন কৰি আৰু সতেজ কৰি আহিনমাহলৈ আগবঢ়াই দিয়াৰ | তাৰ পাচত ভাদ ভগ্নী আহিনীয়ে দায়িত্ব লয় পৰিপুষ্টি যোগাই ধানৰ গছবোৰ ঠন ধৰি উঠাত সহায় কৰাৰ | আহিনৰ প্ৰযত্নতে লিৰিকি লিৰিকি ধানৰ গছবোৰে এটা সময়ত ৰং সলাবলৈ আৰম্ভ কৰে | লাহে লাহে গছবোৰ সেউজীয়া হ’বলৈ ধৰে | গছবোৰ গাভৰু হোৱাৰ পথেৰে আগ বাঢ়ে |
এইদৰে এদিন ধানৰ গছবোৰ পুৰঠ হয় | গাভৰু হয় | তাৰ পাচত থোৰ মেলিবলৈ আৰম্ভ কৰে | আহিনীয়ে পথাৰখন সেউজীয়া কৰাৰ ভাদমাহক দিয়া প্ৰতিশ্ৰুতি পালন কৰি পথাৰখন কাতিমাহলৈ আগ বঢ়াই দি বিদায় লয় | আৰু এই সন্ধিক্ষণ, দোমাহীতেই পালন কৰা হয় কাতিবিহু | গধূলি পথাৰত খেতিয়কে চাকি জ্বলায় | চাকিৰ জুয়ে পোক পৰুৱা বিনষ্ট কৰাৰ উপৰিও ধানৰ নতুন প্ৰজন্মক সেৱাৰে আদৰণি জনায় | পিছে এই প্ৰথাও যেন আজি আমাৰ মাজত ক্ৰমে নাইকিয়া হৈ গৈ আছে | সেয়ে যেন কাতিবিহুৱে সোঁৱৰায়-
ধান আমাৰ লখিমীহে | আমাৰ ভোক আৰু ভোগৰ সামগ্ৰীও কিন্তু এই ধানহে | এই ধানৰ অনুগ্ৰহতেই দুমাহ পাচত উত্যােপিত হ’বলগীয়া মাঘবিহু অৰ্থাত্ আমাৰ ভোগালী বিহুৰো জন্ম জানো এই কাতি মাহতেই নহয় ? ভোগালী বিহুৰ লগ্নও জানো এই ধানৰ সতে, এই কাতি মাহৰ সতে জোৰা নহয় বুলি ক’ব পাৰিম ? নোৱাৰো | তেনেহ’লে এই বিহুতো কঙাল হ’ব নোৱৰে | ই কঙাল নহয় | তাকেই যেন কাতিবিহুৱে আমাক আকৌ সকীয়ায়-
ৰঙালীবিহু আৰু ভোগালীবিহু দুই ভ্ৰাতৃক এই কাতিবিহুৱে যেন একেডাল সূতাৰেহে জোৰা লগাইছে | এই কাতিবিহু কঙাল নহয় | সৌন্দৰ্যহীন নহয় | নহয় ই দুখীয়া |
চিৰপ্ৰবাহিত আমাৰ সংস্কৃতিৰ বাহক, আমাৰ কৃষ্টিৰ দাপোণ তিনিটি বিহুৰ মাজৰে এটি বিহু এই কাতিবিহু | ইয়ো আমাৰ আদৰৰ, চেনেহৰ আৰু অতিকে আপোন |
****
Recent Comments