নতুন গীত আৰু কবিতা

গীত আৰু কবিতা

আধুনিক গীত

  =====

তুমি মোৰ পদুলিতে

নিতে নিতে গধূলিতে

কিনো হেঁপাহেৰে আহা

তাকেহে নাজানো

মই তাকেহে নাজানো ||

 

          হয়তো জানো বুলি যদি ভাবিছা

          সেই কথা মিছা কথা,

          ভুল কৰিছা |

         মনে মনে কি কাৰণে

         অহা যোৱা প্ৰতিদিনে

         কিনো হেঁপাহেৰে আহা

         তাকেহে নাজানো

         মই তাকেহে নাজানো ||

 

ময়ো যে আশাতে অন্ধ,

বন্ধ ঘৰত |

তুমি আহিবা বুলি সন্ধিয়া পৰত |

সেয়েহে থাকোঁ মই বাট চাই চাই

জানানে নে নাজানা তুমি

মই, তাকেহে নাজানো

তাকেহে নাজানো ||

************

গীতৰ ৰচনা, সুৰ, সংগীত আৰু কণ্ঠ ৰামচৰণ পাঠকৰ |

ৰচনা কাল: ১২-০৯-১৯৯৩ শিৱসাগৰ |

এই গীতটো ২০১৭ খৃষ্টাব্দৰ জুন মাহত নিজৰ ষ্টুডিঅ শ্ৰুতিত নিজৰ কণ্ঠত বাণীবন্ধন কৰা হৈছে |