বিভিন্ন লেখা

ইটো সিটো অনেক

ক’ভিড 19 আজি ভেক্সিন ললোঁ |

25-3-21

        আজি ভেক্সিন ললোঁ | অবিশ্বাস্য : কিন্তু সঁচা | গুৱাহাটীৰে কথা |এক স্মৰণীয় অভিজ্ঞতা আমাৰ গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালতে | একেবাৰে নভবা কথা ভাবিবলগীয়া হ’ল | নেদেখা ছবি চাবলৈ পালোঁ | আশা নকৰা পৰিৱেশ স্বচকুৰে প্ৰত্যক্ষ কৰিলোঁ |

        ৰ’ব, কথাখিনি সমূহীয়াকৈ ভালদৰে কোৱাৰ আগতে ইয়াত সংলগ্ন কৰা ফ’টো কেইখন আগতে এবাৰ চাই লওঁক | মোৰ দৃঢ় বিশ্বাস আছে যে মোৰ লেখাটো পঢ়াৰ পাছতো ফ’টোখিনি আকৌ এবাৰ চোৱাৰ লোভ আপুনি সামৰিব নোৱাৰিব |

       এতিয়া মোৰ এই অভিজ্ঞতাৰ কথাটো শুনক | কথাটো তেনেই সৰু আৰু একেবাৰে গতানুগতিক | কিন্তু মইহে ইয়াক সৰু ভাবে লোৱা নাই | এক ব্যতিক্ৰমী হিচাপে লৈছোঁ |

       যোৱা ২২ মাৰ্চ সোমবাৰৰ (২০২১ৰে) কথা | আমাৰ ছোৱালী মানে জীয়ৰী, বোৱাৰীহঁতে কেবাদিনৰে পৰা কৈ আছে আমি মানে মই আৰু মোৰ পৰিবাৰে ক’ৰোণাৰ ছিটা (ভেক্সিন) ল’ব লাগে | মই মনতে ভাবি আছো লম বাৰু লাহে লাহে | এতিয়া চাগে ছিটা দিয়া কেন্দ্ৰবোৰত বহুত ভিৰ হৈ আছে | কিন্তু ছোৱালী আৰু বোৱাৰী (দুয়োজনী ডাক্তাৰ) দুয়োৱেই বুষ্টাৰ ড’জ পৰ্যন্ত লৈছে | সেই বাবে আমাক জোৰ কৰি আছে | সিদিনা সোমবাৰটোত ৰাতিপুৱাই বোৱাৰীয়ে (ডা০ অৰ্পনা হাজৰিকা পাঠক) ক’লে- দেউতা ব’লক আজি ৰাতিপুৱা ৯ বজাত পোৱাকৈ গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতাললৈ গৈ ভেক্সিনটো লৈ আহক | উপায় নাই আৰু, ওলালোঁ সময়মতেই | পৰিবাৰো ওলাল | এবাৰ ভাবিলোঁ আমাৰ বৰপুত্ৰকে কওঁ | সি গুৱাহাটীৰে ধীৰেনপাৰাত থকা হাস্পাতালতে কৰ্মৰত ডাক্তৰ | তাতেও ভেক্সিন দি আছে | আমাৰ অভিজ্ঞতাৰেপূৰ্ণ মন যে, ভাবিলোঁ নিজৰ ল’ৰাই কেন্দ্ৰটোৰ ডাক্তৰ, গতিকে আমাৰ ভেক্সিন ল’বলৈ বৰ সহজ হ’ব | শাৰী পাতি থাকিব নালাগিব | ল’ৰাই দেখিলেই ভিতৰলৈ নি সকলোৰে আগত আমাক ভেক্সিনটো দিয়াই সোনকালে আজৰি কৰি দিব | এইবোৰ চিন্তা হ’ল আমাৰ অভিজ্ঞতাৰ পৰা অৰ্জা চিন্তা | বৰ পুত্ৰক পিছে নক’লো | সি গমেই নাপালে যে আমি বোৱাৰীৰ লগত ছিটা ল’বলৈ গুৱাহাটী মেডিকেল ক’লেজলৈ গ’লো ৰাতিপুৱা চাৰে আঠ বজাত | যোৱাৰ আগত আমাৰ জীয়ৰীলৈ ফ’ন কৰি সুধিলোঁ তাই আমাৰ নাম দুইটা আগতীয়াকৈ পঞ্জীয়ন (Register) কৰি থৈছে নেকি | তাই ফ’নতে ক’লে বোলে আগতীয়াকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই | তালৈ গ’লেই হ’ব | আমি গ’লো মানে বোৱাৰীয়েই লৈ গ’ল | যাওঁতে বাটত ভাবি গৈছোঁ চাগে ঘৰলৈ উভতি আহিবলৈ দুই তিনি ঘণ্টামান লাগিব | আমি গৈ হাস্পাতাল পালোগৈ ন বাজি দহ মিনিট যাওঁতে | সৰু পুত্ৰই গাড়ীৰে থবলৈ গৈছিল | তেওঁ আমাক হাস্পাতালৰ সমূখত গাড়ীৰ পৰা নমাই দুপৰীয়া বাৰমান বজাত নিবলৈ আহিব বুলি কৈ গুচি গ’ল |

       বোৱাৰীয়ে হাস্পাতালৰ কেন্দ্ৰটোলৈ আমাক লৈ গ’ল | গৈ দেখিলো মই ভাবি যোৱাৰ এখন বিপৰীত ছবি | ভাবিছিলোঁ ছিটা ল’বলৈ যোৱা লোকৰ দীঘলীয়া শাৰী হ’ব | পিছে নহয় | ছিটা ল’বলৈ যোৱা মানুহ আছে কিন্তু তাৰ বিপৰীতে আদৰণি কাউণ্টাৰত কেবাজনো লোক | আমাক দেখিয়েই হাস্য মুখে সাদৰেৰে আ্মাৰ লগত নিয়া পৰিচয় পত্ৰৰ কথা সুধিলে | আমি দেখুৱালত লগে লগে ট’কেন নম্বৰ দুইটা দি ভিতৰলৈ নি বহুৱালে | আমি ভিতৰ সোমাই তাৰ ব্যৱস্থাপনা দেখি মনটো বৰ ভাল লাগি গ’ল, আপ্লুত হৈ পৰিলোঁ | ইমান পৰিস্কাৰ, ইমান পৰিপাটি তাতোকৈ সুন্দৰ তাৰ অভিনৱ ব্যৱস্থাপনা | তাৰ কৰ্মৰত লোক সকলৰ (পুৰুষেই হওঁক অথবা মহিলাই হওঁক) আমাৰ প্ৰতি কৰা মিঠা ব্যৱহাৰ আৰু কৰ্মৰ একাগ্ৰতা দেখি মনটো ভৰি গ’ল | সঁচাকৈ গুৱাহাটীতো এয়া সম্ভৱ কৰি তুলিছে এখেতসকলে ৷

          মোৰ এনেকুৱা লাগিল যেন আমি কোনোবা এখন আধুনিক বিদেশী চহৰৰ হাস্পাতালত আছোঁ, আমাৰ লাহে লাহে দেশৰ, মুলুকৰ গুৱাহাটীত নহয় |

       মাত্ৰ চল্লিশ (৪০ মি:) মিনিট সময়ৰ ভিতৰতে ভেক্সিনৰ সকলো কাম সমাপন কৰি আমাক হাঁহিমুখেৰে বিদায় দিয়া সময়ত মোৰ মনলৈ আহিছিল আগ্ৰহ, নিষ্ঠা, একাগ্ৰতা আৰু সততা থাকিলে সকলো ঠাইতে সকলো কাম সম্ভৱ হ’ব পাৰে | এয়া আমাৰ কাৰণে সুন্দৰ নিদৰ্শন নহয়নে বাৰু?

     কাকনো ধন্যবাদ নিদিয়াকৈ থাকিব পাৰিব? দিলোঁ ৷ মাননীয় স্বাস্থ্যমন্ত্ৰী, হাস্পাতালৰ সমূহ কৰ্মী আৰু যি সকলে এই সুন্দৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিছে, আপোনালোক সকলোলৈকে আমাৰ সঁচাকৈ অন্তৰৰ পৰা ওলাই অহা ধন্যবাদ থাকিল |

     পাছত আমাৰ জীয়ৰীৰ (ডা০ বনশ্ৰী পাঠক) পৰা গম পালোঁ এই সুন্দৰ কৰ্মখিনিৰ আঁৰত থকা লোকসকলৰ কথা, সমূখত থকা সকলৰ ওপৰিও চাফ চিকুণৰ কৰ্মী সকলৰ কথা, ডা০ স্থাপনাৰ নিচিনা নিৰৱে কাম কৰি যোৱা স্বাস্থ্যকৰ্মী সকলৰ কথা |

     এতিয়া গম পালোঁ ডা০ স্থাপনা শৰ্মা হৈছে গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালৰ Community Medicine ত কৰ্মৰতা ডাক্তাৰ | বহুত, বহুত ধন্যবাদ ডা০ স্থাপনা | সুন্দৰৰ সপোন দেখা আপোনালোকে এনেকুৱা দৃষ্টান্তৰে আগ বাঢ়ি যাওক | আমিও আপোনালোকৰ সৈতে আছোঁ |

====

6-5-21

        আজি আকৌ ভেক্সিন ললোঁ |মই আৰু মোৰ পৰিবাৰে দ্বিতীয় ড’জ ভেক্সিন ললোঁ আজি ৰাতিপুৱা ভাঙাগড়স্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত |
       অবিশ্বাস্য : কিন্তু সঁচা | গুৱাহাটীৰে আমাৰ গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালৰ চিকিত্সা সেৱীসকল আৰু হাস্পাতালৰ বিভিন্ন বিভাগত নিযুক্ত সকলো কৰ্মীৰ আজিৰ মহামাৰী কৰ’ণা কালৰ এই আতংকময় দিনত আন্তৰিকতাৰে কৰ্তব্য সম্পন্ন কৰা স্পৃহা দেখি মোৰ মন শ্ৰধাৰে উপচি পৰিল  | একেবাৰে নভবা কথা ভাবিবলগীয়া হ’ল | নেদেখা ছবি চাবলৈ পালোঁ | সঁচাকৈ নভবা এক ব্যতিক্ৰমী পৰিৱেশ এখেতসকলে সৃষ্টি কৰিছে | তাকে  স্বচকুৰে প্ৰত্যক্ষ কৰিলোঁ |

      যোৱা ২২ মাৰ্চ সোমবাৰে (২০২১ৰে কথা) আমি প্ৰথম ড’জ চিটা লৈছিলোঁ | তেতিয়াও আতোমটোকাৰীকৈ সজোৱা সুন্দৰ ব্যৱস্থা |

আজি দ্বিতীয় ড’জ |

      আজিও ভাবিছিলোঁ ছিটা ল’বলৈ যোৱা লোকৰ দীঘলীয়া শাৰী হ’ব | পিছে নহয় | ছিটা ল’বলৈ যোৱা মানুহ আছে কিন্তু তাৰ বিপৰীতে আদৰণি কাউণ্টাৰত কেবাজনো লোক | তাৰে এজনে আমাক দেখি হাস্য মুখে সুধিলে আমাৰ প্ৰয়োজনৰ কথা | আমি দ্বিতীয় ড’জৰ বাবে আহিছো বুলি কোৱাত আমাক  ভিতৰলৈ যোৱাৰ কথা ক’লে | ভিতৰ সোমাই তাৰ ব্যৱস্থাপনা দেখি মনটো বৰ ভাল লাগি গ’ল, আপ্লুত হৈ পৰিলোঁ | ইমান পৰিস্কাৰ, ইমান পৰিপাটি তাতোকৈ সুন্দৰ তাৰ অভিনৱ ব্যৱস্থাপনা | তাৰ কৰ্মৰত লোক সকলৰ (পুৰুষেই হওঁক অথবা মহিলাই হওঁক) আমাৰ প্ৰতি কৰা মিঠা ব্যৱহাৰ আৰু কৰ্মৰ একাগ্ৰতা দেখি মনটো ভৰি গ’ল | সঁচাকৈ গুৱাহাটীতো এয়া সম্ভৱ কৰি তুলিছে এখেতসকলে ৷

         মাত্ৰ দহ (১০ মি:) মিনিট সময়ৰ ভিতৰতে ভেক্সিনৰ সকলো কাম সমাপন কৰি আমাক হাঁহিমুখেৰে বিদায় দিয়া সময়ত মোৰ মনলৈ আহিছিল আগ্ৰহ, নিষ্ঠা, একাগ্ৰতা আৰু সততা থাকিলে সকলো ঠাইতে সকলো কাম সম্ভৱ হ’ব পাৰে | এয়া আমাৰ কাৰণে সুন্দৰ নিদৰ্শন নহয়নে বাৰু?

       আজি লগ পালোঁ ডা০ স্থাপনা শৰ্মাক | তেওঁ হৈছে গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালৰ Community Medicine ত কৰ্মৰতা ডাক্তাৰ | অতি সংবেদনশীলা মননশীলা কৰ্মনিপুণা চিকিত্সক তেওঁ | মনৰ মৰম, শ্ৰদ্ধা হেঁপাহ এৰাব নোৱাৰি স্মৃতিৰ চিন স্বৰূপে  ডা০ স্থাপনাৰ সৈতে ফটো এখনো তুলিলোঁ | বহুত, বহুত ধন্যবাদ ডা০ স্থাপনা | সুন্দৰৰ সপোন দ্ৰষ্টা তোমালোকে এনেকুৱা কৰ্মৰাজিৰে, দৃষ্টান্তৰে আগ বাঢ়ি যোৱা | আমিও তোমালোকৰ সৈতে আছোঁ |

      কাকনো ধন্যবাদ নিদিয়াকৈ থাকিব পাৰিব? দিলোঁ ৷ সকলোকে দিলোঁ | মাননীয় স্বাস্থ্যমন্ত্ৰী, হাস্পাতালৰ সমূহ কৰ্মী আৰু যি সকলে এই সুন্দৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিছে, সকলোলৈকে আমাৰ সঁচাকৈ অন্তৰৰ পৰা ওলাই অহা ধন্যবাদ থাকিল |

===

Leave a Reply

Your email address will not be published. Required fields are marked *