বৰ বিচিত্ৰ নৰ চৰিত্ৰ

বৰ বিচিত্ৰ নৰ চৰিত্ৰ

বৰ বিচিত্ৰ নৰ চৰিত্ৰ

লেখক :: ৰামচৰণ পাঠক

গল্প নহয় :: এতাৱত্‍ এতলা

মোৰ “বৰ বিচিত্ৰ নৰ চৰিত্ৰ” | বিশিষ্ট গল্পকাৰ শ্ৰী অতুলানন্দ গোস্বামী ৰ পাতনিৰে

            এতাৱত্‍ এতলা’ (  বৰ বিচিত্ৰ নৰ চৰিত্ৰ ) নামেৰে কাহিনী সংগ্ৰহ  এটা দি থৈ গৈছিল শ্ৰীযুত ৰামচৰণ পাঠকে । তাৰ শিতানতে সকীয়াই দিয়া হৈছে  ‘গল্প নহয়’ । আৰু সম্ভেদ দিয়া হৈছে গল্পৰ আধাৰ সত্য কাহিনীৰ (সহায় কৰাৰ¸ পুৰস্কাৰ), গল্পৰ আধাৰ সঁচা কথাৰ (এম পি বৰুৱা : মোৰ ধৰুৱা ), গল্পৰ আধাৰ সঁচা কথাৰ (মদৰ জাল মোকো বচালে ভাল), গল্পৰ আধাৰ সঁচা কথাৰ (আপ্‌নি মেনেজাৰ আছে; হ’লেভি ষ্টুপিদ আছে ) ।

            এই সম্ভেদ কেইটা চানেকিহে হ’লেও কাহিনী ভাগৰ আভাস এটা ওলাই পৰে । আৰু এই তথ্যও প্ৰকট হয় যে কেউটা কাহিনীৰ ভেটি সমাজৰ একোটা স্বৰূপহে  যদিও কেউটা গল্প হৈ পৰিছে । কেউটা কাহিনীয়ে আমাৰ সমাজখনৰে বিভিন্ন শ্ৰেণীৰ লোকৰ জীৱন পৰিক্ৰমাৰে একো একোটা স্পষ্ট খণ্ড চিত্ৰ । এনে চিত্ৰ সাধাৰণতে লেখকৰ কল্পনা প্ৰসূত হ’লেও এই ক্ষেত্ৰত শ্ৰীযুত  পাঠকৰ কাহিনীবোৰৰ বিভিন্ন চৰিত্ৰ চিত্ৰণৰ কৌশল লেখকৰ অভিজ্ঞতা প্ৰসূত । সেই কাহিনী কেইটাৰ ৰচনা শৈলী আৰু বৰ্ণনা চাতুৰীয়ে একান্ত ভাৱে মন চুই যোৱা কৰিছে ।

            শ্ৰীযুত পাঠকৰ মনোৰম কাহিনী কেউটা একান্ত ভাৱে সুখ পাঠ্য হৈছে বুলি ক’বই  লাগিব।

            ‘কটকীৰ লোভ’ৰ কটকী এজন হাতলৰ ব্যক্তি । কোনো প্ৰয়োজনত নহা বা নলগোৱা বস্তু দেখিলেই আনে নেদেখাকৈ তুলি লৈ গোপনে নিজৰ কৰি লোৱা সেইজনো লেখকৰ সমবয়সী বন্ধুস্থানী ।

           নিয়াৰিকৈ কৰা ঘটনাৰ এনে উপস্থাপন, গতি আৰু চৰিত্ৰৰ বৰ্ণনাই যি কোনো পাঠককে মোহিত কৰিব পাৰে । 

            ‘আপ্‌নি মেনেজাৰ আছে: হলেভি ষ্টুপিদ আছে’ কাহিনীত এজন নগা লোকৰ সহজ সৰল সম্বোধনে কাকো অসন্মান নজনোৱাকৈ ভাকূট কুটাই দিব পাৰে ।

            একে বহাতে গোটেই সংগ্ৰহটো পঢ়ি পেলাব পৰাৰ আকৰ্ষণটো শ্ৰীযুত পাঠকে ৰাখিব পাৰিছে ।  পঢ়ি অতি আনন্দ পালোঁ । তাৰে ভাগ ল’বলৈ সকলোকে আহ্বান জনালোঁ ।

                                                *****

Leave a Reply

Your email address will not be published. Required fields are marked *