শিশুৰ বাবে কমিক্স ছোটা ভীম আৰু টীনটিন
Month: January 2023
ইটো সিটো অনেক ক’ভিড 19 আজি ভেক্সিন ললোঁ | 25-3-21 আজি ভেক্সিন ললোঁ | অবিশ্বাস্য : কিন্তু সঁচা | গুৱাহাটীৰে কথা |এক স্মৰণীয় অভিজ্ঞতা আমাৰ গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালতে | একেবাৰে নভবা কথা ভাবিবলগীয়া হ’ল | নেদেখা ছবি চাবলৈ পালোঁ | আশা নকৰা পৰিৱেশ স্বচকুৰে প্ৰত্যক্ষ কৰিলোঁ | ৰ’ব, কথাখিনি সমূহীয়াকৈ ভালদৰে কোৱাৰ আগতে ইয়াত সংলগ্ন কৰা ফ’টো কেইখন আগতে এবাৰ চাই লওঁক | মোৰ দৃঢ় বিশ্বাস আছে যে মোৰ লেখাটো পঢ়াৰ পাছতো ফ’টোখিনি আকৌ এবাৰ চোৱাৰ লোভ আপুনি সামৰিব নোৱাৰিব | এতিয়া মোৰ এই অভিজ্ঞতাৰ কথাটো শুনক | কথাটো তেনেই সৰু আৰু একেবাৰে গতানুগতিক | কিন্তু মইহে ইয়াক সৰু ভাবে লোৱা নাই | এক ব্যতিক্ৰমী হিচাপে লৈছোঁ | যোৱা ২২ মাৰ্চ সোমবাৰৰ (২০২১ৰে) কথা | আমাৰ ছোৱালী মানে জীয়ৰী, বোৱাৰীহঁতে কেবাদিনৰে পৰা কৈ আছে আমি মানে মই আৰু মোৰ পৰিবাৰে ক’ৰোণাৰ ছিটা (ভেক্সিন) ল’ব লাগে | মই মনতে ভাবি আছো লম বাৰু লাহে লাহে | এতিয়া চাগে ছিটা দিয়া কেন্দ্ৰবোৰত বহুত ভিৰ হৈ আছে | কিন্তু ছোৱালী আৰু বোৱাৰী (দুয়োজনী ডাক্তাৰ) দুয়োৱেই বুষ্টাৰ ড’জ পৰ্যন্ত লৈছে | সেই বাবে আমাক জোৰ কৰি আছে | সিদিনা সোমবাৰটোত ৰাতিপুৱাই বোৱাৰীয়ে (ডা০ অৰ্পনা হাজৰিকা পাঠক) ক’লে- দেউতা ব’লক আজি ৰাতিপুৱা ৯ বজাত পোৱাকৈ গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতাললৈ গৈ ভেক্সিনটো লৈ আহক | উপায় নাই আৰু, ওলালোঁ সময়মতেই | পৰিবাৰো ওলাল | এবাৰ ভাবিলোঁ আমাৰ বৰপুত্ৰকে কওঁ | সি গুৱাহাটীৰে ধীৰেনপাৰাত থকা হাস্পাতালতে কৰ্মৰত ডাক্তৰ | তাতেও ভেক্সিন দি আছে | আমাৰ অভিজ্ঞতাৰেপূৰ্ণ মন যে, ভাবিলোঁ নিজৰ ল’ৰাই কেন্দ্ৰটোৰ ডাক্তৰ, গতিকে আমাৰ ভেক্সিন ল’বলৈ বৰ সহজ হ’ব | শাৰী পাতি থাকিব নালাগিব | ল’ৰাই দেখিলেই ভিতৰলৈ নি সকলোৰে আগত আমাক ভেক্সিনটো দিয়াই সোনকালে আজৰি কৰি দিব | এইবোৰ চিন্তা হ’ল আমাৰ অভিজ্ঞতাৰ পৰা অৰ্জা চিন্তা | বৰ পুত্ৰক পিছে নক’লো | সি গমেই নাপালে যে আমি বোৱাৰীৰ লগত ছিটা ল’বলৈ গুৱাহাটী মেডিকেল ক’লেজলৈ গ’লো ৰাতিপুৱা চাৰে আঠ বজাত | যোৱাৰ আগত আমাৰ জীয়ৰীলৈ ফ’ন কৰি সুধিলোঁ তাই আমাৰ নাম দুইটা আগতীয়াকৈ পঞ্জীয়ন (Register) কৰি থৈছে নেকি | তাই ফ’নতে ক’লে বোলে আগতীয়াকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই | তালৈ গ’লেই হ’ব | আমি গ’লো মানে বোৱাৰীয়েই লৈ গ’ল | যাওঁতে বাটত ভাবি গৈছোঁ চাগে ঘৰলৈ উভতি আহিবলৈ দুই তিনি ঘণ্টামান লাগিব | আমি গৈ হাস্পাতাল পালোগৈ ন বাজি দহ মিনিট যাওঁতে | সৰু পুত্ৰই গাড়ীৰে থবলৈ গৈছিল | তেওঁ আমাক হাস্পাতালৰ সমূখত গাড়ীৰ পৰা নমাই দুপৰীয়া বাৰমান বজাত নিবলৈ আহিব বুলি কৈ গুচি গ’ল | বোৱাৰীয়ে হাস্পাতালৰ কেন্দ্ৰটোলৈ আমাক লৈ গ’ল | গৈ দেখিলো মই ভাবি যোৱাৰ এখন বিপৰীত ছবি | ভাবিছিলোঁ ছিটা ল’বলৈ যোৱা লোকৰ দীঘলীয়া শাৰী হ’ব | পিছে নহয় | ছিটা ল’বলৈ যোৱা মানুহ আছে কিন্তু তাৰ বিপৰীতে আদৰণি কাউণ্টাৰত কেবাজনো লোক | আমাক দেখিয়েই হাস্য মুখে সাদৰেৰে আ্মাৰ লগত নিয়া পৰিচয় পত্ৰৰ কথা সুধিলে | আমি দেখুৱালত লগে লগে ট’কেন নম্বৰ দুইটা দি ভিতৰলৈ নি বহুৱালে | আমি ভিতৰ সোমাই তাৰ ব্যৱস্থাপনা দেখি মনটো বৰ ভাল লাগি গ’ল, আপ্লুত হৈ পৰিলোঁ | ইমান পৰিস্কাৰ, ইমান পৰিপাটি তাতোকৈ সুন্দৰ তাৰ অভিনৱ ব্যৱস্থাপনা | তাৰ কৰ্মৰত লোক সকলৰ (পুৰুষেই হওঁক অথবা মহিলাই হওঁক) আমাৰ প্ৰতি কৰা মিঠা ব্যৱহাৰ আৰু কৰ্মৰ একাগ্ৰতা দেখি মনটো ভৰি গ’ল | সঁচাকৈ গুৱাহাটীতো এয়া সম্ভৱ কৰি তুলিছে এখেতসকলে ৷ মোৰ এনেকুৱা লাগিল যেন আমি কোনোবা এখন আধুনিক বিদেশী চহৰৰ হাস্পাতালত আছোঁ, আমাৰ লাহে লাহে দেশৰ, মুলুকৰ গুৱাহাটীত নহয় | মাত্ৰ চল্লিশ (৪০ মি:) মিনিট সময়ৰ ভিতৰতে ভেক্সিনৰ সকলো কাম সমাপন কৰি আমাক হাঁহিমুখেৰে বিদায় দিয়া সময়ত মোৰ মনলৈ আহিছিল আগ্ৰহ, নিষ্ঠা, একাগ্ৰতা আৰু সততা থাকিলে সকলো ঠাইতে সকলো কাম সম্ভৱ হ’ব পাৰে | এয়া আমাৰ কাৰণে সুন্দৰ নিদৰ্শন নহয়নে বাৰু? কাকনো ধন্যবাদ নিদিয়াকৈ থাকিব পাৰিব? দিলোঁ ৷ মাননীয় স্বাস্থ্যমন্ত্ৰী, হাস্পাতালৰ সমূহ কৰ্মী আৰু যি সকলে এই সুন্দৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিছে, আপোনালোক সকলোলৈকে আমাৰ সঁচাকৈ অন্তৰৰ পৰা ওলাই অহা ধন্যবাদ থাকিল | পাছত আমাৰ জীয়ৰীৰ (ডা০ বনশ্ৰী পাঠক) পৰা গম পালোঁ এই সুন্দৰ কৰ্মখিনিৰ আঁৰত থকা লোকসকলৰ কথা, সমূখত থকা সকলৰ ওপৰিও চাফ চিকুণৰ কৰ্মী সকলৰ কথা, ডা০ স্থাপনাৰ নিচিনা নিৰৱে কাম কৰি যোৱা স্বাস্থ্যকৰ্মী সকলৰ কথা | এতিয়া গম পালোঁ ডা০ স্থাপনা শৰ্মা হৈছে গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালৰ Community Medicine ত কৰ্মৰতা ডাক্তাৰ | বহুত, বহুত ধন্যবাদ ডা০ স্থাপনা | সুন্দৰৰ সপোন দেখা আপোনালোকে এনেকুৱা দৃষ্টান্তৰে আগ বাঢ়ি যাওক | আমিও আপোনালোকৰ সৈতে আছোঁ | ==== Read more… 6-5-21 আজি আকৌ ভেক্সিন ললোঁ |মই আৰু মোৰ পৰিবাৰে দ্বিতীয় ড’জ ভেক্সিন ললোঁ আজি ৰাতিপুৱা ভাঙাগড়স্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত | অবিশ্বাস্য : কিন্তু সঁচা | গুৱাহাটীৰে আমাৰ গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালৰ চিকিত্সা সেৱীসকল আৰু হাস্পাতালৰ বিভিন্ন বিভাগত নিযুক্ত সকলো কৰ্মীৰ আজিৰ মহামাৰী কৰ’ণা কালৰ এই আতংকময় দিনত আন্তৰিকতাৰে কৰ্তব্য সম্পন্ন কৰা স্পৃহা দেখি মোৰ মন শ্ৰধাৰে উপচি পৰিল | একেবাৰে নভবা কথা ভাবিবলগীয়া হ’ল | নেদেখা ছবি চাবলৈ পালোঁ | সঁচাকৈ নভবা এক ব্যতিক্ৰমী পৰিৱেশ এখেতসকলে সৃষ্টি কৰিছে | তাকে স্বচকুৰে প্ৰত্যক্ষ কৰিলোঁ | যোৱা ২২ মাৰ্চ সোমবাৰে (২০২১ৰে কথা) আমি প্ৰথম ড’জ চিটা লৈছিলোঁ | তেতিয়াও আতোমটোকাৰীকৈ সজোৱা সুন্দৰ ব্যৱস্থা | আজি দ্বিতীয় ড’জ | আজিও ভাবিছিলোঁ ছিটা ল’বলৈ যোৱা লোকৰ দীঘলীয়া শাৰী হ’ব | পিছে নহয় | ছিটা ল’বলৈ যোৱা মানুহ আছে কিন্তু তাৰ বিপৰীতে আদৰণি কাউণ্টাৰত কেবাজনো লোক | তাৰে এজনে আমাক দেখি হাস্য মুখে সুধিলে আমাৰ প্ৰয়োজনৰ কথা | আমি দ্বিতীয় ড’জৰ বাবে আহিছো বুলি কোৱাত আমাক ভিতৰলৈ যোৱাৰ কথা ক’লে | ভিতৰ সোমাই তাৰ ব্যৱস্থাপনা দেখি মনটো বৰ ভাল লাগি গ’ল, আপ্লুত হৈ পৰিলোঁ | ইমান পৰিস্কাৰ, ইমান পৰিপাটি তাতোকৈ সুন্দৰ তাৰ অভিনৱ ব্যৱস্থাপনা | তাৰ কৰ্মৰত লোক সকলৰ (পুৰুষেই হওঁক অথবা মহিলাই হওঁক) আমাৰ প্ৰতি কৰা মিঠা ব্যৱহাৰ আৰু কৰ্মৰ একাগ্ৰতা দেখি মনটো ভৰি গ’ল | সঁচাকৈ গুৱাহাটীতো এয়া সম্ভৱ কৰি তুলিছে এখেতসকলে ৷ মাত্ৰ দহ (১০ মি:) মিনিট সময়ৰ ভিতৰতে ভেক্সিনৰ সকলো কাম সমাপন কৰি আমাক হাঁহিমুখেৰে বিদায় দিয়া সময়ত মোৰ মনলৈ আহিছিল আগ্ৰহ, নিষ্ঠা, একাগ্ৰতা আৰু সততা থাকিলে সকলো ঠাইতে সকলো কাম সম্ভৱ হ’ব পাৰে | এয়া আমাৰ কাৰণে সুন্দৰ নিদৰ্শন নহয়নে বাৰু? আজি লগ পালোঁ ডা০ স্থাপনা শৰ্মাক | তেওঁ হৈছে গুৱাহাটী মেডিকেল ক’লেজ হাস্পাতালৰ Community Medicine ত কৰ্মৰতা ডাক্তাৰ | অতি সংবেদনশীলা মননশীলা কৰ্মনিপুণা চিকিত্সক তেওঁ | মনৰ মৰম, শ্ৰদ্ধা হেঁপাহ এৰাব নোৱাৰি স্মৃতিৰ চিন স্বৰূপে ডা০ স্থাপনাৰ সৈতে ফটো এখনো তুলিলোঁ | বহুত, বহুত ধন্যবাদ ডা০ স্থাপনা | সুন্দৰৰ সপোন দ্ৰষ্টা তোমালোকে এনেকুৱা কৰ্মৰাজিৰে, দৃষ্টান্তৰে আগ বাঢ়ি যোৱা | আমিও
ভাৰতত অনেক বিভিন্নতাৰ বিপৰীতে ঐক্য, সংহতি আৰু অখণ্ডতাৰ বিষয়ে ৰচিত দেশপ্ৰেমমূলক সঙ্গীতালেখ্য একেখনিহে দেশ এয়া পৃথিবীৰ অন্যতম এখন বৃহত্ গণতন্ত্ৰৰ জন্ম বেদনাৰ কাহিনী | জনগণৰ মুক্তিৰ কথা | আমাৰ দেশ ভাৰতবৰ্ষৰে পৰাধীনতাৰ শৃঙ্খল চিঙি স্বাধীন ভাৰত হোৱাৰ দোকমোকালি ক্ষণৰ কথা | এফালে যেতিয়া শতিকাজোৰা পৰাধীনতাৰ শিকলি ওফৰাবলৈ উত্তৰে হিমালয়ৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে আৰু পূৱ প্ৰান্তৰ অসমৰ পৰা পশ্চিমে গুজৰাটলৈকে জাকে জাকে ডেকা গাভৰু, আৱাল বৃদ্ধ বনিতা উদ্বাউল হৈ পৰিছিল মহাত্মা গান্ধীৰ অহিংস সংগ্ৰামৰ আদৰ্শেৰে ; আন ফালে আকৌ আন এচাম যুৱক যুৱতী গান্ধীজীৰ অহিংস সংগ্ৰামৰ বিপৰীতে সমুখ ৰণৰ ৰক্তাক্ত সংগ্ৰামৰ বিশ্বাসী হৈ ৰণ হুঙ্কাৰেৰে ওলাই আহিছিল ৰাজপথলৈ | এইচাম যুৱক যুৱতীয়ে নিজৰ বুকুৰ শেষ বিন্দু কেচা তেজ দি হ’লেও নিজ দেশ মাতৃক শোষণমুক্ত কৰিবলৈ, স্বাধীন কৰিবলৈ হাতত তুলি লৈছিল চঙ্গীন, মুক্ত অস্ত্ৰ | এই নতুন সৈনিক, নতুন বল বদ্ধ পৰিকৰ হৈছিল ৰণহুঙ্কাৰ লৈ | হাতে হাতে অস্ত্ৰ লৈ খাকী পোচাক পৰিহিত অলেখ ডেকা গাভৰুৰ দল শোভাযাত্ৰা কৰি যোৱা পৰিদৃশ্যমান হৈছিল – (গীত) প্ৰাণত আমাৰ দেশ গাও যাৰ গান সোণত সুৱগা বেশ অতুলন মান, মৰোঁ দেশৰ বাবে কৰোঁ ৰণস্নান আহঐ আহঐ হৈ আগুৱান || খোজৰ ভৰত কঁপা দেশৰ মাটি মনৰ মাজত থাপ তাৰেই খিয়াতি জনমভূমিৰো ৰাখ খিয়াতি মহান, আহঐ আহঐ হৈ আগুৱান || সমুখ ৰণত গ’লোঁ, নাহো উলটি জীৱন পণত থলোঁ, ল’ম কিৰিতি; বিজয় তিলক আইৰ হ’ব অম্লান আহঐ আহঐ হৈ আগুৱান || *** Read more সেয়া আজি অৰ্দ্ধ শতাব্দীৰ আগৰ, সত্তৰ বছৰ আগৰ কথা | এচাম যুৱক নিজৰ অতি চেনেহৰ দেশখন স্বাধীন কৰিবলৈ সাময়িক ভাবে নিজ দেশৰ পৰা আঁতৰত থাকি – সঙ্ঘবদ্ধ হৈ সহায়কাৰী চুবুৰীয়া দেশৰ পৰা ৰণহুঙ্কাৰেৰে আগবাঢ়ি আহিছিল নিজ দেশৰ ফালে | সেয়া ১৯৪২ খ্ৰীষ্টাব্দৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা | স্বাধীনতাৰ সপোন লৈ এচাম তেজাল ভাৰতীয় যুৱকে দক্ষিণ-পূৱ এচিয়াত বিশেষকৈ কিছু জাপানীলোকৰ সহায়ত আজাদ হিন্দ ফৌজ নামৰ এক সসস্ত্ৰ বাহিনীৰ জন্ম দিয়ে | উদ্দেশ্য নিজ মাতৃভূমিক বৃটিছ শাসনৰ পৰা মুক্ত কৰা | সেই সপোন লৈয়েই হয়তো এদিন আমাৰ মুলুকৰ পৰাও কোনোবা দুখুনী মাতৃৰ একমাত্ৰ সন্তানেও দূৰ্গম হাবি বননি অতিক্ৰম কৰি দূৰ্জেয় পাহাৰ বগাই, হেজাৰ বিপদ বিঘিনি নেওচি আগবাঢ়ি আহিছিল দেশমাতৃক বিদেশী কবলৰ পৰা উদ্ধাৰ কৰিবলৈ | কেতিয়াবা হয়তো ক্ষন্তেক জিৰণিৰ সময়ত তেওঁৰ মাতৃৰ মলিন মুখখনিয়ে তেওঁক কেতিয়াবা বৰকৈ আমনিও কৰিছিল | …বিহ্বল কৰি তুলিছিল | (গীত) আই, মোৰ আই, আই মোৰ আই মোৰ জনমৰে আই | তোৰেই মু-খনি কৰেহি আমনি নিৰলাত বহিলে আই || সমুখ সমৰ ভীষণ পণ জিকিম ৰণ দিও জীৱন তোৰ মলিনতা দূৰ কৰিবলৈ নাই মোৰ জিৰণি নাই || (পিছে মাতৃৰ সেই মুখখনিয়ে তেওঁক প্ৰেৰণাও দিছিল–) নাই সময় কথা কোৱাৰ নাই সময় ওভতি যোৱাৰ তোক ৰখাৰ পণত আহিছোঁ আশিষ দিবি তই আই || *** হাবিতলীয়া অস্থায়ী বাঙ্কাৰত অতন্দ্ৰ প্ৰহৰীৰ দৰে ৰৈ ৰৈ, কেতিয়াবা শিবিৰত বহি নিজৰ খবৰ একমাত্ৰ মাতৃ আৰু ভনীয়েকলৈ চিঠিৰে জনায় | সেই চিঠিৰেই জনায় দেশমাতৃক লৈ তেওঁলোকৰ সপোনৰ কথা, বিজয়ী হৈ ওভতি অহাৰ কথা | মাতৃৰ হাঁহিতে নিজেও হঁহাৰ কল্পনা কৰি লিখে- (গীত) আই ঐ যুঁজলৈ ওলালোঁ মই চোতালৰ আগত তুলসীতলত আশিৰ্বাদ কৰিবি তই || একেজনী ভনী আৰু তোৰে খবৰ কালিৰে ডাকতে পাই, উত্তৰ লিখিছোঁ তোৰ আশিষেৰে কুশলেই আছোঁ মই | …….ক্ৰমশ… (হৃদয়ত কিমান দৰদ | মনত কিমান হেঁপাহ…) পুৱাতেই উঠিছোঁ ৰণলৈ ওলাইছোঁ সমুখতে পণ লই, সংকেত আহিব যাবই লাগিব মুখতে হাঁহিটি লই || হেজাৰ মাইলৰ তেও যে ওচৰৰ তই আছ বাট চাই… শতৰু নেমাৰি কোননো সতেৰে ঘৰলৈ উলটিমে আই, তোৰো হাঁহিয়ে মোকো হঁহুৱাব জনম দায়িনী আই || *** তুমুল সংগ্ৰামত জীৱনৰ শেষ বিন্দু ৰক্ত দি নিজ মাতৃক প্ৰণিপাত জনাই কেতিয়াবা নিজৰ দেহ বলিদান দিয়া একো একোজন বীৰ জোৱানৰ জীৱনাহুতি সতীৰ্থ সৈনিক সকলৰ বাবে দুখৰ কাহিনী নহয়; সেয়া যেন প্ৰেৰণাৰ উত্সহে | পৰদেশভূমিত বীৰপ্ৰাপ্তি পোৱা এনেহেন একোজন বীৰ জোৱানক তেওঁলোকে সম্পূৰ্ণ বীৰত্বৰ শ্ৰদ্ধাঞ্জলিৰে আদৰণি জনায় | পুষ্পাঞ্জলি আৰু ফুলৰ মালাৰে ওপোচাই দি সৰ্বান্তকৰণেৰে আৰু সম্পূৰ্ণ সামৰিক প্ৰথাৰে শ্ৰদ্ধা জনায় .. (গীত) জয় মালা লোৱা ন-জোৱান, ন-জোৱান | আঁচলৰ ধন, জননীৰ তুমি আদৰৰ সন্তান || শুভ্ৰ শিখৰ ফুল, নলিনী বনৰ হৰিণি, হেজাৰ তটিনি ভক্ষক হৰা ৰক্ষক তুমি তুমি সন্তান সু-মহান || কঁপিলে কঁপক এই ধৰণী জাগ্ৰত তুমি অমৰ সেনানী তোমাৰ তিয়াগে ৰাখে নিৰবধি জননীৰ মান অম্লান || দেশৰ বাবে আছিলা তপ্ত তুমি দেশৰ বাবে হ’লা ৰিক্ত জননীৰ দুখ গুচাবৰ হেতু তুমি নহয় শুপ্ত, দেশৰ বাবে ছহিদ হই তুমি, হ’লা যে মহীয়ান || *** সেই বীৰ সৈনিক হৈ পৰে প্ৰেৰণাৰ উত্স, এক কিংবদন্তী | এনেহেন জীৱন বলিদান দিয়া জন জাগৰণ আৰু বাপুজীৰ, মহাত্মা গান্ধীৰ শকতিৰ আগত জানো সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এমুঠি বিদেশীৰ শাসনৰ বাঘজৰীয়ে তেতিয়াৰ তেত্ৰিশকোটি জনগণক আৱদ্ধ কৰি ৰাখিব পাৰে ? নোৱাৰে | নোৱাৰিলে | হেজাৰ জীৱনৰ বলিদান, অসংখ্যজনৰ তিয়াগৰ বিনিময়ত পৰাধীনতাৰ শৃঙ্খল ছিঙি ওলাই আহিল ভাৰতীয় জনগণ | দেশ স্বাধীন হ’ল | আমি স্বাধীন হ’লোঁ | জন্ম হ’ল এখন নতুন ভাৰতৰ | নতুন আশাৰ | নতুন হেঁপাহৰ | সেয়ে স্বাধীনতাৰ সেই প্ৰথম পুৱাত- গীত নৱ বৰষৰ আজি প্ৰথম পুৱাত মিলিজুলি গাওঁ আহা নতুনৰ গান, গাওঁ আহা নতুনৰ গান || পুৰনি কালিমা ক্লেদ উটি উটি য’ক নতুনৰ বাট আজি হ’ক জোতিমান || নৱ শকতিৰে সউ উঠিছে সূৰুজ নতুন ৰঙেৰে বোলাই পূৱালী আকাশ, আমাৰ সপোনবোৰ হ’ব সোণালী হতাশাৰ নাই অৱকাশ | মনত নতুন বল, হওঁ গতিমান || *** জন্ম হ’ল গণতন্ত্ৰৰ | বিশ্বৰ এখন অন্যতম বৃহত্ গণতন্ত্ৰৰ | এপৃথিবীজোৰা মানুহৰ অগণন ৰাষ্ট্ৰৰ মাজত আৰু এখন স্বাধীন ৰাষ্ট্ৰ, ভাৰতবৰ্ষ | আমাৰ চেনেহৰ ভাৰতভূমি | এশ কুৰিকোটিৰো অধিক জনগণৰে পূৰ্ণ আজি এই ভাৰতবৰ্ষ | বিভিন্ন ভাষা, বিভিন্ন বৰ্ণ, ভিন্ন কৃষ্টি, ভিন্ন দৃষ্টিৰ সৃষ্টিৰে সমৃদ্ধ আমাৰ দেশ | ভিন্ন জনগোষ্ঠিৰে পূৰ্ণ সমন্নয়ৰ থলি আমাৰ ভাৰতবৰ্ষ | হিমালয়ৰ পৰা আসমুদ্ৰ এই বিশাল উপমহাদেশ ভাৰত আমাৰ | আৰু আমি ? আমি ভাৰতৰ | অনেক অনৈক্য অনেক ভিন্নতাৰ মাজত ঐক্য আৰু অভিন্নতাৰে ভৰা আমাৰ ভাৰত একেখনেই | একেখনিহে দেশ- *** (গীত) ভিন্ন ভাষা ভিন্ন আশা ভিন্ন ভিন্ন বেশ | কৃষ্টি সৃষ্টি হ’লেও ভিন্ন, কৃষ্টি সৃষ্টি হ’লেও ভিন্ন, একেখনিহে দেশ, ভাৰত আমাৰ দেশ || হিমালয়ে গঢ়া আমাৰ উদাৰতা, সাগৰৰ দৰে মন লুইত, কাবেৰি, গংগা, যমুনাত বিধৌত জন অগণন, গোটেই পৃথিবী বিচাৰি ফুৰিও ক’ত পাবি এই লেখ || এয়ে সেই দেশ, অহিংসাৰে যি স্বাধীনতা লভিলে এয়ে সেই দেশ, মানৱতাৰে যি জগত মুহিলে, এয়ে সেই দেশ, হাঁহি হাঁহি আহি জীৱন আহুতি দিয়া বীৰৰ
এখন অভিনৱ উপন্যাস – আত্মঘাতীৰ দিনপঞ্জী প্ৰতিভাৰ কণ্ঠস্বৰ নৰম। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ প্ৰকাণ্ড তিনিটা খণ্ডত মই মই আৰু মই নাই। হয়তো তেওঁ ভাবিছিল – ‘মই মোৰ ভাবে তললৈ বুৰাব, নেপাবা ৰক্ষাৰ তৰী।’ তাহানি চিৰ কৌমাৰ্যব্ৰতী মাধৱদেৱে কৈছিল- ‘কৃষ্ণৰ কিংকৰ শংকৰ, শংকৰ কিংকৰ দাসকু দাস হামু মাধৱ দাসা’ বুলি। অৱনত মস্তকে প্ৰকাশ কৰা এনে বিনয়ী ভাবকে বৈষ্ণৱী বিনয়ী বুলি কোৱা হয়। বিচক্ষণ পণ্ডিত ড০ বাণীকান্ত কাকতিয়ে কোৱা ‘নীৰৱ সাধনা’ সদায় প্ৰাসংগিক আপ্তবাক্য। ড০ ভভূপেন হাজৰিকাৰ তিনিটা খণ্ডৰ তিনি হাজাৰ পৃষ্ঠাৰ ৰচনাৱলীৰ এটা বাক্যতো মই নাই। কথা আৰু কণ্ঠই ভূপেন হাজৰিকাৰ পৰিচয়। প্ৰতিভাবানে নিজৰ ঢোল নিপিটে। যেনেকৈ গোলাপ ফুলিলে ইয়াৰ ফুৰফুৰিয়া সৌৰভ মৃদু মন্দ পবনে বোকোচাত কঢ়িয়াই লৈ চাৰিওফালে বিলাই ফুৰে, তেনেকৈ প্ৰতিভাবানৰ কৰ্মই হৈছে তেওৰঁ নীৰৱ ভাষ্য।। ওপৰৰ কথাষাৰি বহুগুণী সাহিত্যিক ৰাম চৰণ পাঠকৰ প্ৰসংগৰ লগত সংগতি ৰাখি কোৱা হৈছে। সাধনাহীন সাহিত্যৰ ক্ষেত্ৰ অনুৰ্বৰ। কিন্তু নীৰৱে নিৰলাত বহি সাধনাত একান্তভাৱে ব্ৰতী সৃষ্টিকাৰসকলক বনৰীয়া ফুলৰ দৰে এলাগী কৰিব নোৱাৰি। তেওঁলোক স্বমহিমাৰে মণ্ডিত। ৰাম চৰণ পাঠক অসমীয়া সাহিত্য ক্ষেত্ৰৰ আপাত দৃষ্টিত বহু চৰ্চিত এটা নাম নহ’লেও; তেওঁৰ নাম আমাৰ অগোচৰে থকা, আমাৰ অলক্ষিতে জিলিকি থকা এটা নক্ষত্ৰৰ দৰে। এই কথাটো এই কাৰণে কোৱা হৈছে যে ৰাম চৰণ পাঠকে অধুনা বহুলভাবে চৰ্চিত বৈদ্যুটিন সাহিত্য মাধ্যমৰ সাহিত্য জগতখনত ইতিমধ্যে সাহিত্য সৃষ্টিৰ জৰিয়তে অনেক সমাদৰ লাভ কৰিছে। তেওঁ অনেক যশস্যা বুটলিবলৈ সক্ষম হৈছে। ২০০৪ খ্ৰীষ্টাব্দত আইবিবোশ্চiibibo (i build i bond) নামৰ আন্তৰাষ্ট্ৰীয় বৈদ্যুটিন সামাজিক মাধ্যমে তেওঁলোকৰ ‘চাৱাল-জবাব’ নামৰ অনুষ্ঠান এটাৰ তিনিটা পৃথক পৃথক শিতানত পাঠকে চৈধ্য হাজাৰৰো অধিক লেখা আৰু প্ৰশ্নোত্তৰেৰে উক্ত মাধ্যমত চমক সৃষ্টি কৰে। তাৰে ভিতৰত প্ৰায় চাৰে সাত হাজাৰৰো অধিক লেখা আৰু প্ৰশ্নোত্তৰ সমগ্ৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ বিবেচিত হয়। সেই উল্লেখনীয় কৰ্মৰ বাবে অনুষ্ঠানটোৱে পাঠকক উপযুক্ত ভাবে পুৰস্কৃত কৰাৰ ওপৰিও সন্মানীয় মাষ্টাৰ ডিগ্ৰীও প্ৰদান কৰে। বিগত প্ৰায় কুৰি বছৰ ধৰি তেওঁ এই বৈদ্যুটিন মাধ্যমৰ সাহিত্যৰ সৈতে ওতপ্ৰোত ভাবে জৰিত। ইফালে তেওঁ বহু বৰেণ্য সাহিত্যিক-বুদ্ধিজীৱীৰ আশিসধন্য সৃষ্টিকাৰ। তেওঁ কবি, কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীতকাৰ, গল্পকাৰ, কাহিনীকাৰ, নাট্যকাৰ, নাট পৰিচালক আৰু অভিনেতা। তেওঁ সফল গদ্যকাৰ আৰু অনুবাদক। তেওঁ উচ্চ ৰুচিবোধ সম্পন্ন এগৰাকী অসমীয়া ভদ্ৰলোক। তাতোকৈ তেওঁ একালৰ অসমৰ সন্মানৰ প্ৰতীক ডাঙৰীয়া জন। তেওঁ সদা হাস্যোজ্জ্বল, প্ৰাণৱন্ত লোক। ল’ৰালিৰে পৰা দুখৰ জাঁতত পিহনি খায়ো অভগন, অমৰণ, অম্লান হৈ জীৱন নৈৰ জাঁজীত নাবাজি নিৰ্বিঘ্নে সাগৰ ধিয়াই গতি কৰি আহি মোহনা মুখত উপনীত হোৱা এজন সাৰ্থক, সফল, সবল পুৰুষ ৰাম চৰণ পাঠক। তেওঁ ইতিবাচক। সেই কাৰণে হবলা তেওঁ বহু বিদ্যা বিশাৰদ। তেওঁৰ ঐতিহ্য প্ৰীতি তীব্ৰ। আধুনিক জীৱন প্ৰবাহতো আত্মস্থ। বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ নিত্য নতুন উদ্ভাৱনীৰে সৈতে তেওঁৰ সখীত্ব আৰু মমত্ব বোধেৰে তেওঁক এগৰাকী বিচক্ষণ কাৰিকৰি জ্ঞান সম্পন্ন প্ৰযুক্তিৱিদ যেনেই লাগে। কিয়নো,অত্যাধুনিক প্ৰযুক্তিৰে তেওঁৰ বাসভৱনৰ ওপৰ মহলাত আছুতীয়াকৈ তেওঁ এটি অডিঅ’ ৰেকৰ্ডিং ষ্টুডিঅ’ নিৰ্মান কৰি উলিয়াইছে। পিছে ইয়াত উল্লেখনীয় কথাটো হৈছে যে ষ্টুডিঅ’টোৰ শব্দ-প্ৰযুক্তিকে লৈ প্ৰয়োজনীয় সমস্ত কাৰিকৰি কাম পাঠকে নিজ হাতেৰে কৰি উলিয়াইছে। তেওঁ স্থানীয় ভাবে উপলব্ধ সামগ্ৰীকে ব্যৱহাৰ কৰি তেওঁৰ জন্মগত উদ্ভাৱনী কৌশল আৰু শৈলিৰে ষ্টুডিঅ’টো নিমÊÇান কৰি উলিয়াইছে। তাত তেওঁ সফলতাৰে কামো কৰিছে প্ৰচুৰ । তেওঁ নিজেই নিজৰ শিক্ষক। ৰাম চৰণ পাঠকৰ ৰচনা সমগ্ৰৰ মাজৰ অপ্ৰকাশিত উপন্যাস ‘আত্মঘাতীৰ দিনপঞ্জী’ৰ জপনা মুখত থিয় হৈ ওপৰোক্ত কথাবোৰ মোৰ মনলৈ আহি অগা ডেৱা কৰিবলৈ লৈছে। কঃ পন্থা? কেনি যাওঁ, কি কৰোঁ, ক’তেনো সোমাই মৰোঁ অৱস্থা। পুথিখনৰ পাণ্ডুলিপিটো হাতত লৈ দেখিছো পাঠকে সচাঁকৈ এখন অভিনৱ উপন্যাস ৰচনা কৰিছে। তেওঁ কোৱা অনুসৰি ই এখন ত্ৰিকোণ উপন্যাস (ত্ৰিল’জী)। উপন্যাসখনৰ কাহিনী কাল ১৯৯২ৱখ্ৰীষ্টাব্দ বুলি কোৱা হৈছে। স্মৰ্তব্য যে পাঠক এগৰাকী লিখি খোৱা লেখক নহয়। বৃত্তিত তেওঁ ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী উচ্চ পদস্থ শীৰ্ষস্থানীয় বিষয়া। বৃত্তিগত দায়িত্ব আৰু ব্যস্ততাৰ মাজতো সাহিত্যৰ বিচিত্ৰ ক্ষেত্ৰখনত তেওঁৰ অনায়াস বিচৰণে আমাক বিস্মিত কৰে। সেই কাৰণে তেওঁ সাধুবাদ পাবৰ যোগ্য। ত ‘আত্মঘাতীৰ দিনপঞ্জী’ মূলতঃ এখন আত্ম ভাষণ মূলক উপন্যাস। কাহিনী আগ বাঢ়িছে পিতৃ, মাতৃ আৰু পুত্ৰৰ ত্ৰিকোণ সংঘাতৰ মাজেৰে। ঔপন্যাসিক পাঠকে ওপৰোক্ত চৰিত্ৰ ত্ৰয়ৰ মাজেৰে আগবঢ়া কাহিনীক ত্ৰিলোজী বুলি ক’বলৈ প্ৰয়াস কৰিছে। অৱশ্যে কাহিনী কথন একেগছ সূতাৰে গঁথা। পিতৃ মাতৃৰ সন্তানৰ প্ৰতি মৰম স্নেহ সহজাত প্ৰৱৃত্তিৰ অংশ। আলোচ্য উপন্যাসখনৰ মূল চৰিত্ৰ মাতৃ গৰাকীয়ে অপত্য পুত্ৰ স্নেহত অন্ধ হৈ পুত্ৰৰ উন্নতি আৰু জয় জয়কাৰ ৰূপ চাবলৈ কৰা দুৰ্বাৰ হেঁপাহৰ পৰিণতি শুভ ফল দায়ক নহ’ল। বৰং পুত্ৰৰ অবাঞ্চিত আচৰণে মাক দেউতাকক যি দুখ আৰু যন্ত্ৰণা দিলে সেয়া অপলানীয়। মাকে বিচাৰে পুত্ৰ ভুকুতে কল পকোৱাৰ দৰে আন সকলোৰে শীৰ্ষত থাকক। প্ৰতিবেশী, আত্মীয়-স্বজন, অঞ্চলবাসীৰ আগত এগৰাকী মাতৃৰ অত্যধিক প্ৰদৰ্শনকামিতাই সৰ্বনাশৰ মূল কাৰণ। ফলত, আদৰত ল’ৰা নষ্ট, অহমিকাবোধ আৰু তথাকথিত আধুনিকতাৰ ধামখুমিয়াত পৰি অহেতুক কষ্ট ক্লেশ বৰণ কৰিবলগীয়া হ’ল। ল’ৰাৰ পিতৃৰ কিছু বাস্তৱবোধ থাকিলেও দাম্ভিক মাতৃৰ কলহপ্ৰিয় স্বভাৱৰ বাবে সেয়া অৱদমিত হ’বলৈ বাধ্য হয়। শেহন্তত পুত্ৰ অত্যাচাৰী, অবাধ্য আৰু ভ্ৰষ্ট চৰিত্ৰৰ লম্পটলৈ অধঃপতিত হয়। পিতৃ, মাতৃ আৰু পুত্ৰক তিনিটা বিন্দুত থিয় কৰাই কাহিনীকাৰে অতীত ৰোমন্থনৰ সহায়ত ঘটনাক্ৰম আগবঢ়াই নিছে। সেইটো কৰোঁতে কাহিনীকাৰ অৱশ্যে ক’তো বিঘ্নিত হোৱা নাই। কাহিনীৰ তিনি চৰিত্ৰ-পিতৃ, মাতৃ, পুত্ৰতিনি বিপৰীত মনস্তত্ত্বৰ তাড়নাত পীড়িত। মাতৃৰ সপ্নৰ পুত্ৰজন সঠিক পথত চলা নাই। ইফালে মাতৃ আৰু পুত্ৰ, দুয়োজনৰ আচৰণৰ বিপৰীত বিন্দুত থাকি পিতৃয়ে তীব্ৰ অন্তৰ্দ্বন্দত ভুগিছে। সেয়া শেহলৈ মনোৰোগলৈ ৰূপান্তৰিত Æহছে। স্বাস্থ্য বিজ্ঞানীৰ মতে হয়তো ই স্কিজোফ্ৰেনীয়া অথবা বাইপোলাৰ ৰোগ হ’ব পাৰে। ঔপন্যাসিকে দুৰ্ভগীয়া পিতৃগৰাকীক তীব্ৰ মানসিক ছাপ সহিব নোৱাৰি অৱশেষত আত্মঘাতী হ’বলৈ বাধ্য হোৱাটো দেখুৱাইছে। কাহিনীকাৰে ইতিমধ্যে কৈছেই যে উপন্যাসখনৰ মূল কাহিনীভাগ সঁচা কথাৰ আধাৰত। সেয়ে তীব্ৰ মানসিক ছাপ সহিব নোৱাৰি পিতৃগৰাকীৰ আত্মঘাতী হোৱাত বাহিৰে গত্যন্তৰ যে নাই সেইটো অপ্ৰতীয়মান নহ’ৱ। আমি এই লেখাত কাহিনীটোৰ চৰিত্ৰ সমূহৰ নাম উল্লেখ কৰাৰ পৰা বিৰত আছোঁ। অৰ্থাৎ আমি উপন্যাসখনৰ সমালোচনাও লিখা নাই। ৰুচিশীল পাঠকে গাখীৰ তপতাই তাৰ পৰা ওলোৱা সৰ আৰু সৰ তপতাই তাৰ পৰা ঘি উলিয়াই স্বাদ ল’ব। তদুপৰি, এৱা গাখীৰ উতলাই তাতে টেঙা পানী এচলু মিহলাই চানা উৎপাদন কৰাৰ দৰে আৰু তাৰে পৰাই ভালেমান সুস্বাদু উপজাত মিঠাই তৈয়াৰ কৰি জুতি ল’ব পাৰিব। অসমীয়া উপন্যাসৰ ১৩৯ বছৰীয়া ইতিহাসত (পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতি’, ১৮৯০ খ্ৰীঃৰ পৰা) ত্ৰিল’জী উপন্যাসৰ ধাৰণাটো আহিবৰ বেছি দিন হোৱা নাই । ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘প্ৰদ্যুম্ন ত্ৰিতত্ত্ব’ অসমীয়া উপন্যাসৰ ইতিহাসত প্ৰথম আত্ম প্ৰকাশ। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত সাপ্তাহিক ‘নৱ যুগ’ৰ ( ১৯৬৫-৬৬ ) কেবাটাও সংখ্যাত ধাৰাবাহিক ৰূপে প্ৰচাৰ পাইছিল। সাহিত্য বাৰ্তালোচনী নৱ যুগৰ সাহিত্য শাখাৰ সম্পাদক আছিল কবি নীলমণি ফুকন। তেৱেঁই সাহিত্যৰ বৰ ঘৰলৈ ত্ৰিতত্ত্ব নতুন আলহীক সাদৰে আদৰি আনিছিল। ড০ শৰ্মাই ফুকনৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰো কৰিছে। গল্পৰ ত্ৰিতত্ত্ব আৰু তাৰে সম্প্ৰসাৰণ ৰূপ উপন্যাসলৈ পৰিব্যাপ্ত কৰাৰ কৌশলটো ড০ শৰ্মাই গ্ৰীক নাট্য ত্ৰিতত্ত্ব (Dramatic Trilogy) ৰ পৰা আহৰণ কৰা বুলি লিখিছে। প্ৰদ্যুম্ন ত্ৰিতত্ত্ব যেনিবা নাটক নহয়। ইয়াক নিত্য নতুন পৰীক্ষা
Recent Comments