About Me

ওপৰৰ লেখাটোত ক্লিক কৰক

শ্ৰীৰাম চৰণ পাঠক

আকাশবাণী স্বীকৃত গীতিকাৰ

                          ====

                   জীৱন চক্ৰ আৰু পৰিচিতি |

জন্ম : নলবাৰী জিলাৰ টিহুৰ ওচৰৰ মাখিবাহা গাঁৱৰ নানকাৰ চুবুৰিৰ বিহা বংশত ১৫ জুলাই ১৯৪৬ খ্ৰীঃত |

বৰ্তমান ঠিকনা : গৃহ নং ২৫, জোনাকপুৰ, বিৰুবাৰী, গুৱাহাটী 781016, অসম |

কৰ্ম : ভাৰতীয় জীৱন বীমা নিগমৰ বৰিষ্ঠ পদৰ ( Principal,STC, LIC Guwahati)  পৰা অৱসৰী বিষয়া |

প্ৰিয় কৰ্ম : সংগীত চৰ্চা, নাটক লিখা, অভিনয় কৰা, সাহিত্য চৰ্চা, গাড়ী চলোৱা  ইত্যাদি ইত্যাদি |  মই ইংৰাজী, বাংলা, অসমীয়া ভাষাৰ সকলো লেখকৰে কিতাপ পঢ়িবলৈ বিচাৰো | পঢ়োঁ |

সাহিত্য চ’ৰাত অদ্য পৰিমিত : নিয়মিত ৰূপত মোৰ গীতবোৰ দিয়াৰ উপৰিও এখন সম্পূৰ্ণ উপন্যাস (ট্ৰিল’জী), ব্যংগ ৰচনাৰে একাংকিকা চাৰিখন,চাৰিটা দীঘল গল্প, শিশু আৰু চেমনীয়াহতঁলৈ কাহিনী, দেওবৰীয়া চ’ৰাত বিভিন্ন লেখা,আজৰি পৰৰ কথা, ণত্ব বিধি, ষত্ব বিধি,   আদি অনেক লেখা |

        ১৯৮৯ চনৰে পৰা মই আকাশবাণীৰ স্বীকৃত গীতিকাৰ | অসম সাহিত্য সভাৰ ৱেবচাইটটো ২00৯ খ্ৰীঃত ময়ে নিৰ্মাণ কৰিছিলোঁ | স্কুলীয়া আৰু কলেজীয়া জীৱনৰ পৰাই নাট্য জগতৰ সৈতে জৰিত | ১৯৬৩ খ্ৰীঃ ত বজালী কলেজত মোৰ লেখা “বন্তিৰ সম্পাদক” নামৰ একাংকিকাখনে প্ৰথম পুৰস্কাৰ পোৱাৰ উপৰিও নিৰ্দেশনা আৰু শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰও পাইছিল | আগতে ময়ো নাটকত প্ৰয়োজনত নাৰী চৰিত্ৰৰ ভাও লৈছিলোঁ | বজালী কলেজৰ ১৯৬৩ খ্ৰীঃত কলেজ সপ্তাহত মঞ্চস্থ কৰা বঞ্চিতা নামৰ পূৰ্ণ নাটক এখনত মই মৌজাদাৰণীৰ  ( নাৰী চৰিত্ৰ ) ভাওটো কৰিবলগীয়া হৈছিল | সৰুৰে পৰা থকা নাট্য চৰ্চা এতিয়াও চলি আছে |

           সৰ্ব ভাৰতীয় বিশ্ব বিদ্যালয় সমূহৰ ২০০৭ খ্ৰীঃত  লক্ষ্ণৌত উত্‍যাপন কৰা  দ্বিবাৰ্ষিক যুৱ মহোত্‍সৱত সমবেত সংগীত (কোৰাচ) প্ৰতিযোগিতাত মোৰ ৰচিত আৰু সুৰৰ গীত এটা শ্ৰেষ্ঠ বিবেচিত হয় |

           মোৰ ১৯৬৫ খ্ৰীঃত অনৈক্যৰ মাজত আমাৰ ভাৰতীয় ঐক্যতাৰ ওপৰত লিখা “একেখনিহে দেশ” নামৰ সংগীতালেখ্যখন ভাৰতীয় আঞ্চলিক ভাষাত শ্ৰেষ্ঠ বিবেচিত হয় ২০১৪ খ্ৰীঃত | সংগীতালেখ্যখন মুল উপজীব্য আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত জন্ম লাভ কৰা আজাদ হিন্দ ফৌজত আমাৰ পূৰ্ব ভাৰতৰ, বিশেষকৈ আমাৰ অসম আইৰ একমাত্ৰ সন্তানৰ যোগদান আৰু দেশৰ বাবে বলিদান | সেই সংগীতালেখ্যখন আকাশবাণী গুৱাহাটী কেন্দ্ৰত ২০১৪ খ্ৰীঃত প্ৰচাৰ কৰা হৈছে |

           ছোটাভীম কমিক্স আৰু বিশ্ববিখ্যাত (ইন্টাৰনেচনেল) কমিক্স টিনটিনৰ কথা আমি জানো | টিভিত বহুলভাবে প্ৰচাৰিত আৰু সমাদৃত কিশোৰ কিশোৰীহঁতৰ এই কমিক্স দুইখনৰ অসমীয়ালৈ অনুবাদ মই কৰিছোঁ | ছোটা ভীমৰ ৩৪টা সংকলনৰ কাম শেষ হৈছে | কলকাতাৰ ছাঁয়া প্ৰকাশনী নামৰ এটা বিখ্যাত প্ৰকাশন গোষ্ঠীয়ে, অসমীয়া ভাষালৈ মই ভাঙনি কৰা কমিক্সবোৰো সমগ্ৰ ভাৰতত প্ৰচাৰ কৰিছে | আকৌ টিনটিন নামৰ বিশ্বৰ সবাতোকৈ পুৰণি আৰু বিশ্বৰ প্ৰথম কমিক্সখনৰো অসমীয়ালৈ অনুবাদ ময়ে কৰিছোঁ | এতিয়া শিশু শিতানত দুখনমান বাতৰি কাকতত এৰা ধৰাকৈ লিখি আছোঁ | পহিলা জুলাইত আয়োজিত আকাশবাণী গুৱাহাটীৰ প্ৰতিস্থা দিৱসৰ আকাশবাণী গুৱাহাটীৰ থিমচঙটোৰ ৰচনা মোৰ |

           তাৰোপৰি আকাশবাণীত প্ৰচাৰ হোৱা মোৰ ব্যংগ একাঙ্কিকা ভালে কেইখন আছে | এই বছৰ মোৰ নিজৰ ৯ খন পুথি প্ৰকাশৰ বাবে প্ৰস্তুত কৰা হৈছে | গল্প, কবিতা, নাটক, উপন্যাস আদি লিখাৰ ওপৰিও মোৰ প্ৰাথমিক আৰু প্ৰাধান্য পোৱা আৰু ৰুচিৰ জগতখন হ’ল হ’ল সংগীত | গীত লিখা |
এই সংগীতৰ প্ৰতি থকা মোৰ নিজৰ চখ, আস্থা, অনুৰাগ আৰু হেঁপাহ পুৰণ কৰিবলৈ মই ভাৰতীয় জীৱন বীমা নিগমৰ এটা জ্যেষ্ঠ পদৰ পৰা অৱসৰ লোৱাৰ পাছত সম্প্ৰতি মই মোৰ গুৱাহাটীৰ বিৰুবাৰীৰ নিজৰ ঘৰতে এটা অডিঅ/ভিডিঅ ষ্টুডিঅ খুলিছোঁ | এক ব্যতিক্ৰমী প্ৰয়াস মোৰ ষ্টুডিঅটো আৰু লগতে সংগীতৰ জগতত এক ব্যতিক্ৰমী প্ৰচেষ্টা |

            আপোনালোকক জনাবলৈ আগ্ৰহ প্ৰকাশ কৰিছো যে মই এটা গৃহ শ্ৰব্য-ষ্টুডিঅ নিৰ্মাণ কৰি উলিয়াইছোঁ | নিজৰ ঘৰতে  নেটত বহিলোঁ ষ্টুডিঅৰ অ আ ক খ জানিবলৈ, মানে পাঠ ল’বলৈ | তেনেকৈয়ে পাঁচ বছৰ কটালোঁ ষ্টুডিঅৰ পাঠ শিকাৰ নামত | তাৰ পাছত আৰম্ভ কৰিলো ষ্টুডিঅ বনোৱা কাম | তাকো নিজে | নিজে মানে নিজে,  নিজৰ হাতেৰে | কি চিমেণ্টৰ কাম, কি কাঠৰ কাম সকলোবোৰ মোৰ নিজৰ হাতেৰে |  ষ্টুডিঅৰ ডিজাইন, ইন্টেৰিঅৰ টেপেস্ত্ৰী, মণিটৰ আৰু ডাবিঙ কেবিনৰ কাম অৰ্থাত্‍ শব্দ নিয়ন্ত্ৰণৰ (একষ্টিকৰ কাম) পৰা আৰম্ভ কৰি সকলো কাম নিজ হাতেৰে কৰাৰ দুঃসাহস কৰিলোঁ | ষ্টুডিঅৰ প্ৰয়োজনীয় কাঠৰ সকলো  ফাৰ্ণিচাৰ, আচবাব নিজ হাতে কৰত, ৰান্দা  ধৰি বনাই ললোঁ | (এইবোৰ কামৰ ভিডিঅ ৰেকৰ্ডিং কৰা আছে ) |

            আপুনি হয়তো জানি ভাল পাব যে গোটেই ষ্টুডিঅটোৰ সমস্ত কাম যেনে  মনিটৰ ৰুমৰ ডিজাইন, ডাবিঙ ৰুমৰ ডিজাইন মই নিজে কৰা |  আমাৰ ওচৰে পাজৰে পোৱা অৰ্থাত সহজলভ্য থলুৱা উপাদানেৰে একষ্টিক্সৰ কাম , ড্ৰেপিঙৰ কাম কৰা হৈছে |  কামবোৰ  সম্পূৰ্ণ হৈ উঠালৈ আঠ বছৰ লাগিল | মোৰ স্বভাৱগত প্ৰকৃতিৰ বাবে চেষ্টা এৰি দিয়া নাছিলোঁ | এদিন সঁচাকৈয়ে হৈ উঠিল ষ্টুডিঅটো | নাম দিলোঁ “ষ্টুডিঅ শ্ৰুতি” | মোৰ এই ষ্টুডিঅ শ্ৰুতিয়ে এই বছৰ  “India 5000 Best MSME Awards 2018” বাবে অনুমোদন (নমিনেচন) পালে |

               মনত বহু কল্পনা আছে | পাৰিলে এটা VDO production house খোলাৰ কথা | বিগত ২০১৪ খ্ৰীঃৰ ১৪ নবেম্বৰত সংগীতৰ সৈতে জৰিত কিছু গণ্যমান্য লোকৰ উপস্থিতিত অডিঅ ষ্টুডিঅটো “ষ্টুডিঅ’ শ্ৰুতি” নামেৰে উন্মোচন কৰা হৈছে | ষ্টুডিঅটো উন্মোচন কৰিছে আকাশবাণী গুৱাহাটীৰ অৱসৰী সংগীতজ্ঞ শ্ৰী ৰমেন চৌধুৰীয়ে | শ্ৰী অতনু ভুঞাই নাৰিকল অৰ্পণ কৰিছে | ডাবিং কক্ষ উন্মোচন কৰিছে বিশিষ্ট সংগীতজ্ঞ শ্ৰী অনিৰুদ্ধ বৰুৱাই | ষ্টুডিঅটো ব্যৱসায় কৰা লক্ষ্য অথবা তেনেকুৱা উদ্দেশ্যৰে নহয় | যিসকল ভাল কন্ঠৰ গৰাকী ল’ৰা ছোৱালীয়ে আৰ্থিক অনাটনৰ কাৰণে নিজে এটা সুবিধা কৰিব পৰা নাই, নিজৰ গীত এটা বাণীবন্ধন কৰি উলিয়াব পৰা নাই অথবা চিডি এখন বাণীবন্ধন কৰি উলিয়াব পৰা নাই. তেওঁলোকক অলপ হ’লেও সহায় কৰিব পৰা যায় নেকি, মুলত: তেনেকুৱা উদ্দেশ্য সমুখত ৰাখিয়েই এই প্ৰচেষ্টা হাতত লোৱা হৈছে |  ফেচবুকত STUDIO SHRUTI search কৰিলে অথবা মোৰ একাউন্টত search কৰিলেই কিছু কথাৰ উমান পোৱা যাব | তাতো চাব পৰা যায় |  শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা পুথিখনকে শ্ৰব্য সংস্কৰণত (চিডিৰে সৈতে ) মোৰ ষ্টুডিঅ শ্ৰুতিৰ প্ৰথম নিবেদন হিচাপে ৰাইজলৈ বুলি আগবঢ়োৱা হৈছে |
             অসমীয়া ভাষাত অসমত এয়া প্ৰথম প্ৰচেষ্টা | এই অডিঅ চিডিখনৰ সৈতে পুথিখন অসম চৰকাৰৰ দ্বাৰা আয়োজিত “মধুপুৰ মহোৎসৱ, ২০১৬”  ত, ২৫ ডিচেম্বৰত অনেক সত্ৰাধিকাৰ আৰু প্ৰায় দুই হাজাৰ ভক্ত দৰ্শকৰ উপস্থিতিত উন্মোচন কৰা হয় | তাৰ পাছত  মোৰ আকাশবাণীত সম্প্ৰচাৰ হোৱা নোহোৱা গীতৰ ভিতৰৰ পৰা  আৰু  নতুনকৈ ৰচনা কৰা কিছু গীত লৈ সৰ্বমুঠ এশ পাঁচটা গীত নতুনকৈ সুৰ কৰি বাণীবন্ধনৰ কামত হাত দিলোঁ | 

মুখ্যতঃ উদ্দেশ্য হৈছে মোৰ ৰচিত গীতবোৰৰ সুৰখিনি সংৰক্ষণ কৰা |  গীতবোৰক তলত উল্লেখ কৰা ধৰণে ছটা ভাগত ভাগ কৰি বাণীবন্ধন কৰা হৈছে |

১.         শিশুৰ গীত                 (চিডি নং ১ ),

২.         আমাৰ গীত (কোৰাচ)     (চিডি নং ২ ),

৩.        বনগীত/মাটিৰ গীত         (চিডি নং ৩ ),

৪.         বহাগৰ গীত/ঋতুৰ গীত   (চিডি নং ৪ ),

৫.         অনুভুতি/শ্ৰদ্ধাৰ গীত       (চিডি নং ৫ )

৬.        নানা ৰঙৰ গীত              (চিডি নং ৬ ) \

উক্ত এশপাঁচটা গীতৰ “মোৰ পঞ্চোত্তৰ শতগীত ২০১৭”  নামেৰে এখন পুথি মুদ্ৰণ কৰি উলিওৱা হৈছে |

           মই ক’ব নোৱাৰো যে মোৰ এই প্ৰচেষ্টাৰ আগতে কোনো সময়ত আমাৰ ৰাজ্যৰ   আন ক’ৰবাত  একেলগে একেজন গীতিকাৰ, একেজন সুৰকাৰ আৰু  একেজন সংগীতকাৰৰ  এশ পাঁচটা ( ১০৫) গীত একেজনৰে কণ্ঠত বাণীবন্ধন কৰা হৈছে একেটা অডিঅ ষ্টুডিঅৰ পৰা যিটো ষ্টুডিঅ একেজনেই নিজ হাতে নিজৰ ঘৰতে সাজি উলিয়াইছোঁ | ষ্টুডিঅটো হৈ উঠাৰ পাছত প্ৰথম কাম হাতত লৈছিলো শ্ৰীমন্ত শঙ্কৰদেৱ  বিৰচিত গুণমালা পুথিখন শ্ৰব্য আকাৰত প্ৰকাশ কৰি উলিওৱা |     

           গুণমালা পুথিখনি এখন অমূল্য  গ্ৰন্থ | এইখন আমাৰ সকলোৰে অতি আদৰ, শ্ৰদ্ধা আৰু হৃদয়ৰ বস্তু | গুৰুজনাই বৈকুন্ঠৰ আৰ্হি আনি গধুলা নাম প্ৰসংগৰ লগত সন্ধ্যা সময়ত আৰতি, স্তুতি অথবা গুণমালা বোলাৰ কথা নিজ মুখে প্ৰকাশ কৰিছিল বুলি চৰিত পুথিত পোৱা যায় |

          অতি সম্প্ৰতি “এইযে বৰণীয় হাতবোৰ” নামেৰে মোৰ সৰু কালৰে পৰা পুহি ৰখা অনুসন্ধি্ত্সু মনৰ অনুভুতি, অনুভৱ, অন্নেষণৰ ফলশ্ৰুতিৰে বিগত ২০১১ খ্ৰীষ্টাব্দৰ পৰা মোৰ প্ৰচেষ্টাৰে গৱেষণা পুথি এখনৰ কাম চলি আছে |

     ====

মোৰ প্ৰকাশিত আৰু প্ৰকাশৰ পথত থকা পুথি সমূহ |

১. আকাশবাণী স্বীকৃত গীতিকাৰ ১৯৮৯ খ্ৰীঃৰ পৰা |

২. নিজে লিখি নিজে সম্পাদনা কৰি উলিওৱা মাহেকীয়া আলোচনী মিলন সুৰ, ১৯৬০ (এবছৰ চলিছিল)

৩. ম্লান সুৰ গীতৰ পুথি, ১৯৬১ |

৪. বন্তিৰ সম্পাদক একাংকিকা, ১৯৬৩ |

৫. প্ৰকাশিত গীতৰ পুথি ৰ’দ পাই জিলিকে, ১৯৯১ |

৬. প্ৰকাশিত গীতৰ পুথি আজিও ফুলে, ২০০৬ |

৭. প্ৰকাশিত গীতৰ পুথি পঞ্চোত্তৰ শতগীত, ২০১৭ |

৮. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালাৰ শ্ৰব্য চিডি ( অসমীয়া ভাষাত প্ৰথম | অসম চৰকাৰৰ

    মধুপুৰ  মহোত্সৱ,  ২০১৬ত উন্মোচিত),  |

৯. মোৰ নিজৰ লিখা, নিজৰ সুৰ, নিজৰ সংগীত আৰু নিজৰ কণ্ঠেৰে নিজৰ ষ্টুডিঅত এশপাঁচটা (১০৫)     গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন, ২২-১০-২০১৭.

১০. শিশু কমিক্স ছোটা ভীম, ভীম কলৈ গ’ল, ফেব্ৰুৱাৰী, ২০১৩ |

১১. শিশু কমিক্স ছোটা ভীম, বব্বন শেৰ, ফেব্ৰুৱাৰী, ২০১৩ |

১২. শিশু কমিক্স ছোটা ভীম, সাগৰ কন্যা, ফেব্ৰুৱাৰী, ২০১৩ |

১৩ শিশু কমিক্স ছোটা ভীম, খৰিকটীয়া, ফেব্ৰুৱাৰী, ২০১৩ |

১৪. শিশু কমিক্স ছোটা ভীম, ৰাক্ষস কুম্ভীৰ, ফেব্ৰুৱাৰী, ২০১৩ |

১৫. বিশ্বৰ প্ৰথম কমিক্স টিন টিনৰ ফাৰাওৰ চুৰট, ফেব্ৰুৱাৰী, ২০১৩ |

১৬. বিশ্বৰ প্ৰথম কমিক্স টিন টিনৰ নীল পদ্ম, ফেব্ৰুৱাৰী, ২০১৩ |

১৭. আত্মঘাতীৰ স্বীকাৰোক্তি, সঁচা ঘটনাৰ আধাৰত, স্কিজ’ফ্ৰেনিক ত্ৰিকোণ উপন্যাস (ট্ৰিল’জী) ২০২১ |

১৮. বৰ বিচিত্ৰ নৰ চৰিত্ৰ, গল্প নহয়, এতাৱত এতলা  ২০২১ |

১৯. সমাদৃত সুহৃদ, পূৰ্ণাংগ নাটক ২০২১ |

২০. মনোৰম কাহিনী, শিশু সাহিত্য, ধৰ্ম পুথিৰ পৰা ২০২১ |

২১. একাংক নাটিকা সংকলন প্ৰথম খণ্ড (তিনিখন একাংক নাটিকা) ২০২১ |

২২. একাংক নাটিকা সংকলন দ্বিতীয় খণ্ড (চাৰিখন একাংক নাটিকা) ২০২১ |

২৩. এইযে বৰণীয় হাতবোৰ, গৱেষণা পুথি  (প্ৰকাশৰ পথত)

            ======

Our Mission

Click edit button to change this text. Lorem ipsum dolor sit amet, adipiscing elit.

Click edit button to change this text. Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

Extraordinary Experiences

Click edit button to change this text. Lorem ipsum dolor sit amet, consectetur adipiscing elit.

Click edit button to change this text. Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

Our Core Values

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.