এখন অভিনৱ উপন্যাস –                                                 আত্মঘাতীৰ দিনপঞ্জী             প্ৰতিভাৰ কণ্ঠস্বৰ নৰম। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ প্ৰকাণ্ড তিনিটা খণ্ডত মই মই আৰু মই নাই। হয়তো তেওঁ ভাবিছিল – ‘মই মোৰ ভাবে তললৈ বুৰাব, নেপাবা ৰক্ষাৰ তৰী।’ তাহানি চিৰ কৌমাৰ্যব্ৰতী মাধৱদেৱে কৈছিল- ‘কৃষ্ণৰ কিংকৰ শংকৰ, শংকৰ কিংকৰ দাসকু দাস হামু মাধৱ দাসা’ বুলি।             অৱনত মস্তকে প্ৰকাশ কৰা এনে বিনয়ী ভাবকে বৈষ্ণৱী বিনয়ী বুলি কোৱা হয়। বিচক্ষণ পণ্ডিত ড০  বাণীকান্ত কাকতিয়ে কোৱা ‘নীৰৱ সাধনা’ সদায় প্ৰাসংগিক আপ্তবাক্য। ড০ ভভূপেন হাজৰিকাৰ তিনিটা খণ্ডৰ তিনি হাজাৰ পৃষ্ঠাৰ ৰচনাৱলীৰ এটা বাক্যতো মই নাই। কথা আৰু কণ্ঠই ভূপেন হাজৰিকাৰ পৰিচয়। প্ৰতিভাবানে নিজৰ ঢোল নিপিটে। যেনেকৈ গোলাপ ফুলিলে ইয়াৰ ফুৰফুৰিয়া সৌৰভ মৃদু মন্দ পবনে বোকোচাত কঢ়িয়াই লৈ চাৰিওফালে বিলাই ফুৰে, তেনেকৈ প্ৰতিভাবানৰ কৰ্মই হৈছে তেওৰঁ নীৰৱ ভাষ্য।।             ওপৰৰ কথাষাৰি বহুগুণী সাহিত্যিক ৰাম চৰণ পাঠকৰ প্ৰসংগৰ লগত সংগতি ৰাখি কোৱা হৈছে। সাধনাহীন সাহিত্যৰ ক্ষেত্ৰ অনুৰ্বৰ। কিন্তু নীৰৱে নিৰলাত বহি সাধনাত একান্তভাৱে ব্ৰতী সৃষ্টিকাৰসকলক বনৰীয়া ফুলৰ দৰে এলাগী কৰিব নোৱাৰি। তেওঁলোক স্বমহিমাৰে মণ্ডিত।  ৰাম চৰণ পাঠক অসমীয়া  সাহিত্য ক্ষেত্ৰৰ আপাত দৃষ্টিত বহু চৰ্চিত এটা নাম নহ’লেও; তেওঁৰ নাম আমাৰ অগোচৰে থকা, আমাৰ অলক্ষিতে জিলিকি থকা এটা নক্ষত্ৰৰ দৰে। এই কথাটো এই কাৰণে কোৱা হৈছে যে ৰাম চৰণ পাঠকে অধুনা বহুলভাবে চৰ্চিত বৈদ্যুটিন সাহিত্য মাধ্যমৰ সাহিত্য জগতখনত ইতিমধ্যে সাহিত্য সৃষ্টিৰ জৰিয়তে অনেক সমাদৰ লাভ কৰিছে। তেওঁ অনেক যশস্যা বুটলিবলৈ সক্ষম হৈছে। ২০০৪ খ্ৰীষ্টাব্দত আইবিবোশ্চiibibo (i build i bond) নামৰ আন্তৰাষ্ট্ৰীয় বৈদ্যুটিন সামাজিক মাধ্যমে তেওঁলোকৰ ‘চাৱাল-জবাব’ নামৰ অনুষ্ঠান এটাৰ তিনিটা পৃথক পৃথক শিতানত পাঠকে চৈধ্য  হাজাৰৰো অধিক লেখা আৰু প্ৰশ্নোত্তৰেৰে উক্ত মাধ্যমত চমক সৃষ্টি কৰে।               তাৰে ভিতৰত প্ৰায় চাৰে সাত হাজাৰৰো অধিক লেখা আৰু প্ৰশ্নোত্তৰ সমগ্ৰ বিশ্বৰ  ভিতৰতে শ্ৰেষ্ঠ  বিবেচিত  হয়। সেই উল্লেখনীয় কৰ্মৰ বাবে অনুষ্ঠানটোৱে পাঠকক উপযুক্ত ভাবে পুৰস্কৃত কৰাৰ ওপৰিও সন্মানীয় মাষ্টাৰ ডিগ্ৰীও প্ৰদান কৰে।   বিগত প্ৰায় কুৰি বছৰ ধৰি তেওঁ এই বৈদ্যুটিন মাধ্যমৰ সাহিত্যৰ সৈতে ওতপ্ৰোত ভাবে জৰিত।              ইফালে তেওঁ বহু বৰেণ্য সাহিত্যিক-বুদ্ধিজীৱীৰ আশিসধন্য সৃষ্টিকাৰ। তেওঁ কবি, কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীতকাৰ, গল্পকাৰ, কাহিনীকাৰ, নাট্যকাৰ, নাট পৰিচালক আৰু অভিনেতা।  তেওঁ সফল গদ্যকাৰ আৰু অনুবাদক। তেওঁ উচ্চ ৰুচিবোধ সম্পন্ন এগৰাকী অসমীয়া ভদ্ৰলোক। তাতোকৈ তেওঁ একালৰ অসমৰ সন্মানৰ প্ৰতীক ডাঙৰীয়া জন। তেওঁ সদা হাস্যোজ্জ্বল, প্ৰাণৱন্ত  লোক। ল’ৰালিৰে পৰা দুখৰ জাঁতত পিহনি খায়ো অভগন, অমৰণ, অম্লান হৈ জীৱন নৈৰ জাঁজীত নাবাজি নিৰ্বিঘ্নে সাগৰ ধিয়াই গতি কৰি আহি মোহনা মুখত উপনীত হোৱা এজন সাৰ্থক, সফল, সবল পুৰুষ ৰাম চৰণ পাঠক। তেওঁ ইতিবাচক। সেই কাৰণে হবলা তেওঁ বহু বিদ্যা বিশাৰদ। তেওঁৰ ঐতিহ্য প্ৰীতি তীব্ৰ। আধুনিক জীৱন প্ৰবাহতো আত্মস্থ। বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ নিত্য নতুন উদ্ভাৱনীৰে সৈতে তেওঁৰ সখীত্ব আৰু মমত্ব বোধেৰে তেওঁক এগৰাকী বিচক্ষণ কাৰিকৰি জ্ঞান সম্পন্ন প্ৰযুক্তিৱিদ যেনেই লাগে। কিয়নো,অত্যাধুনিক প্ৰযুক্তিৰে তেওঁৰ বাসভৱনৰ ওপৰ মহলাত আছুতীয়াকৈ তেওঁ এটি অডিঅ’ ৰেকৰ্ডিং ষ্টুডিঅ’ নিৰ্মান কৰি উলিয়াইছে। পিছে ইয়াত উল্লেখনীয় কথাটো হৈছে যে ষ্টুডিঅ’টোৰ শব্দ-প্ৰযুক্তিকে লৈ প্ৰয়োজনীয় সমস্ত কাৰিকৰি কাম পাঠকে নিজ হাতেৰে কৰি উলিয়াইছে। তেওঁ স্থানীয় ভাবে উপলব্ধ সামগ্ৰীকে ব্যৱহাৰ কৰি তেওঁৰ জন্মগত উদ্ভাৱনী কৌশল আৰু শৈলিৰে ষ্টুডিঅ’টো নিমÊÇান কৰি উলিয়াইছে।  তাত তেওঁ সফলতাৰে কামো কৰিছে প্ৰচুৰ । তেওঁ নিজেই নিজৰ শিক্ষক।             ৰাম চৰণ পাঠকৰ ৰচনা সমগ্ৰৰ মাজৰ অপ্ৰকাশিত উপন্যাস ‘আত্মঘাতীৰ দিনপঞ্জী’ৰ জপনা মুখত থিয় হৈ ওপৰোক্ত কথাবোৰ মোৰ মনলৈ আহি অগা ডেৱা কৰিবলৈ লৈছে। কঃ পন্থা? কেনি যাওঁ, কি কৰোঁ, ক’তেনো সোমাই মৰোঁ অৱস্থা। পুথিখনৰ পাণ্ডুলিপিটো হাতত লৈ দেখিছো পাঠকে সচাঁকৈ  এখন অভিনৱ উপন্যাস ৰচনা কৰিছে। তেওঁ কোৱা অনুসৰি ই এখন ত্ৰিকোণ উপন্যাস (ত্ৰিল’জী)।  উপন্যাসখনৰ কাহিনী কাল ১৯৯২ৱখ্ৰীষ্টাব্দ বুলি কোৱা হৈছে। স্মৰ্তব্য যে পাঠক এগৰাকী লিখি খোৱা লেখক নহয়।  বৃত্তিত তেওঁ ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী উচ্চ পদস্থ শীৰ্ষস্থানীয় বিষয়া। বৃত্তিগত দায়িত্ব আৰু ব্যস্ততাৰ মাজতো সাহিত্যৰ বিচিত্ৰ ক্ষেত্ৰখনত তেওঁৰ অনায়াস বিচৰণে আমাক বিস্মিত কৰে। সেই কাৰণে তেওঁ সাধুবাদ পাবৰ যোগ্য। ত             ‘আত্মঘাতীৰ দিনপঞ্জী’ মূলতঃ এখন আত্ম ভাষণ মূলক উপন্যাস। কাহিনী আগ বাঢ়িছে  পিতৃ, মাতৃ আৰু পুত্ৰৰ ত্ৰিকোণ সংঘাতৰ মাজেৰে।           ঔপন্যাসিক পাঠকে ওপৰোক্ত চৰিত্ৰ ত্ৰয়ৰ মাজেৰে আগবঢ়া কাহিনীক ত্ৰিলোজী বুলি ক’বলৈ প্ৰয়াস কৰিছে। অৱশ্যে কাহিনী কথন একেগছ সূতাৰে গঁথা। পিতৃ মাতৃৰ সন্তানৰ প্ৰতি মৰম স্নেহ সহজাত প্ৰৱৃত্তিৰ অংশ। আলোচ্য উপন্যাসখনৰ মূল চৰিত্ৰ মাতৃ গৰাকীয়ে অপত্য পুত্ৰ স্নেহত অন্ধ হৈ পুত্ৰৰ উন্নতি আৰু জয় জয়কাৰ ৰূপ চাবলৈ কৰা দুৰ্বাৰ হেঁপাহৰ পৰিণতি শুভ ফল দায়ক নহ’ল। বৰং পুত্ৰৰ অবাঞ্চিত আচৰণে মাক দেউতাকক যি দুখ আৰু যন্ত্ৰণা দিলে সেয়া অপলানীয়। মাকে বিচাৰে পুত্ৰ ভুকুতে কল পকোৱাৰ দৰে আন সকলোৰে শীৰ্ষত থাকক। প্ৰতিবেশী, আত্মীয়-স্বজন, অঞ্চলবাসীৰ আগত এগৰাকী মাতৃৰ অত্যধিক প্ৰদৰ্শনকামিতাই সৰ্বনাশৰ মূল কাৰণ। ফলত, আদৰত ল’ৰা নষ্ট, অহমিকাবোধ আৰু তথাকথিত আধুনিকতাৰ ধামখুমিয়াত পৰি অহেতুক কষ্ট ক্লেশ বৰণ কৰিবলগীয়া হ’ল। ল’ৰাৰ পিতৃৰ কিছু বাস্তৱবোধ থাকিলেও দাম্ভিক মাতৃৰ কলহপ্ৰিয় স্বভাৱৰ বাবে সেয়া অৱদমিত হ’বলৈ বাধ্য হয়। শেহন্তত পুত্ৰ অত্যাচাৰী, অবাধ্য আৰু ভ্ৰষ্ট চৰিত্ৰৰ লম্পটলৈ অধঃপতিত হয়।             পিতৃ, মাতৃ আৰু পুত্ৰক তিনিটা বিন্দুত থিয় কৰাই কাহিনীকাৰে অতীত ৰোমন্থনৰ সহায়ত ঘটনাক্ৰম আগবঢ়াই নিছে। সেইটো কৰোঁতে কাহিনীকাৰ অৱশ্যে ক’তো বিঘ্নিত হোৱা নাই। কাহিনীৰ তিনি চৰিত্ৰ-পিতৃ, মাতৃ, পুত্ৰতিনি বিপৰীত মনস্তত্ত্বৰ তাড়নাত পীড়িত। মাতৃৰ সপ্নৰ পুত্ৰজন সঠিক পথত চলা নাই। ইফালে মাতৃ আৰু পুত্ৰ, দুয়োজনৰ আচৰণৰ বিপৰীত বিন্দুত থাকি পিতৃয়ে তীব্ৰ অন্তৰ্দ্বন্দত ভুগিছে। সেয়া শেহলৈ মনোৰোগলৈ ৰূপান্তৰিত Æহছে। স্বাস্থ্য বিজ্ঞানীৰ মতে হয়তো  ই স্কিজোফ্ৰেনীয়া অথবা বাইপোলাৰ ৰোগ হ’ব পাৰে।  ঔপন্যাসিকে দুৰ্ভগীয়া পিতৃগৰাকীক তীব্ৰ মানসিক ছাপ সহিব নোৱাৰি অৱশেষত আত্মঘাতী হ’বলৈ বাধ্য হোৱাটো দেখুৱাইছে। কাহিনীকাৰে ইতিমধ্যে কৈছেই যে উপন্যাসখনৰ মূল কাহিনীভাগ সঁচা কথাৰ আধাৰত। সেয়ে  তীব্ৰ মানসিক ছাপ সহিব নোৱাৰি  পিতৃগৰাকীৰ আত্মঘাতী হোৱাত বাহিৰে গত্যন্তৰ যে নাই  সেইটো অপ্ৰতীয়মান  নহ’ৱ।             আমি এই লেখাত কাহিনীটোৰ চৰিত্ৰ সমূহৰ নাম উল্লেখ কৰাৰ পৰা বিৰত আছোঁ। অৰ্থাৎ আমি উপন্যাসখনৰ সমালোচনাও লিখা নাই। ৰুচিশীল পাঠকে গাখীৰ তপতাই তাৰ পৰা ওলোৱা সৰ আৰু সৰ তপতাই তাৰ পৰা ঘি উলিয়াই স্বাদ ল’ব। তদুপৰি, এৱা গাখীৰ উতলাই তাতে টেঙা পানী এচলু মিহলাই চানা উৎপাদন কৰাৰ দৰে আৰু তাৰে পৰাই ভালেমান সুস্বাদু উপজাত মিঠাই তৈয়াৰ কৰি জুতি ল’ব পাৰিব।             অসমীয়া উপন্যাসৰ ১৩৯ বছৰীয়া ইতিহাসত (পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতি’, ১৮৯০ খ্ৰীঃৰ পৰা) ত্ৰিল’জী উপন্যাসৰ ধাৰণাটো আহিবৰ বেছি দিন হোৱা নাই । ড০  গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘প্ৰদ্যুম্ন ত্ৰিতত্ত্ব’ অসমীয়া উপন্যাসৰ ইতিহাসত প্ৰথম আত্ম প্ৰকাশ। ড০  বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত সাপ্তাহিক ‘নৱ যুগ’ৰ  ( ১৯৬৫-৬৬ ) কেবাটাও সংখ্যাত ধাৰাবাহিক ৰূপে প্ৰচাৰ পাইছিল। সাহিত্য বাৰ্তালোচনী নৱ যুগৰ সাহিত্য শাখাৰ সম্পাদক আছিল কবি নীলমণি ফুকন। তেৱেঁই সাহিত্যৰ বৰ ঘৰলৈ ত্ৰিতত্ত্ব নতুন আলহীক সাদৰে আদৰি আনিছিল। ড০ শৰ্মাই ফুকনৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰো কৰিছে। গল্পৰ ত্ৰিতত্ত্ব আৰু তাৰে সম্প্ৰসাৰণ ৰূপ উপন্যাসলৈ পৰিব্যাপ্ত কৰাৰ কৌশলটো  ড০ শৰ্মাই গ্ৰীক নাট্য ত্ৰিতত্ত্ব (Dramatic Trilogy) ৰ পৰা আহৰণ কৰা বুলি লিখিছে। প্ৰদ্যুম্ন ত্ৰিতত্ত্ব যেনিবা নাটক নহয়। ইয়াক নিত্য নতুন পৰীক্ষা

        শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা পুথিখনকে শ্ৰব্য সংস্কৰণত (চিডিৰে সৈতে ) মোৰ ষ্টুডিঅ শ্ৰুতিৰ প্ৰথম নিবেদন হিচাপে ৰাইজলৈ বুলি আপবঢ়োৱা হৈছে | অসমীয়া ভাষাত অসমত এয়া প্ৰথম পদক্ষেপ |এই অডিঅ চিডিখনৰ সৈতে পুথিখন অসম চৰকাৰৰ দ্বাৰা আয়োজিত “মধুপুৰ মহোৎসৱ, ২০১৬” ত, ২৫-১২-২০১৬ তাৰিখত অনেক সত্ৰাধিকাৰ আৰু প্ৰায় দুই হাজাৰ ভক্ত দৰ্শকৰ উপস্থিতিত উন্মোচন কৰা হয় | শ্ৰীমন্ত শঙ্কৰদেৱ গুণমালাৰ সুগন্ধি ফুলবোৰ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু বিৰচিত আৰু প্ৰদত্ত গুণমালা পুথিখনি আমাৰ সকলোৰে অতি আদৰ, শ্ৰদ্ধা আৰু হৃদয়ৰ বস্তু | গুৰুজনাই বৈকুন্ঠৰ আৰ্হি আনি গধুলা নাম প্ৰসংগৰ লগত সন্ধ্যা সময়ত আৰতি, স্তুতি অথবা গুণমালা বোলাৰ কথা নিজ মুখে প্ৰকাশ কৰিছিল | বৰদোৱাত এই গুণমালা প্ৰকাশ কৰে |                 শ্ৰীমন্ত শঙ্কৰগুৰুৱে হেনো গুণমালা বোলাৰ আগতে  নিম্নোক্ত ভটিমাটো গাইছিল | বন্দো গোবিন্দা গোপী জনমানন্দা | মঞ্জু ভ্ৰূৱ যুগ সুষ্পিত সুন্দৰ বদন বিনিন্দীত চান্দা || পুতনিকা স্তন পান মনে ধৰি জীৱ বিযোজনকাৰী | মায়া বল্লভ বাল বিলাসিত নিৰ্জিত নিৰ্য্যৰ বৈৰী || তিনি ভুবন জন মৌলি বিভুষণ মৰকত ৰত্ন সুবেশা | চন্দ্ৰক নিশ্ছয়ে বিচিত্ৰত কেকী পতত্ৰয় সুবেশিত কেশা || যমলা অৰ্জুন ভঞ্জি শকট বিঘাতি বালক কেলি কৰন্তা | ধেনুক কেশিএ বকাসুৰ নাশিএ ধৰণী ভাৰ হৰন্তা || জয় গিৰি গোবৰ্ধন গিৰি ধাৰণ গোগণ ৰক্ষণ শিলা | দৰ্পিত সুৰ মুনি দম্ভিৰ বিভঞ্জি দৰশিত নিজ ভুজ লীলা || কালিন্দ্ৰী তীৰে কালি নাম ভুজঙ্গম ৰাজ নিবাস | তা বিষ লাগি জলচৰ খেচৰ তিৰ তৰু কৰে নাশ || দুৰ্জন সজ্জন নাম তাৰ ধৰি মথুৰা নৰপতি সঙ্গে | ধিত নিবেদিত ৰাজ সমাজ সমাগত হলধৰ ৰঙ্গে || চানুৰাদি মহা মহা মল্ল বিমোৰণ জনিত তৰাস | মঞ্চে সঞ্চাৰি কংশ কেশ ধৰি জীৱন ভৈল নৈৰাশ || নৰপতি কংশ বিধ্বংশল দেখিএ লাগল শংকা সমাজ | সূৰ মুনি সিদ্ধ ঋষিগণ হৰষিত দিগ্বিজয় দুন্দুভী বাজ || কেশৰ চৰণ সৰোৰোহ কিঙ্কৰ শঙ্কৰ এহু বিৰচিতং | বৈৰী বিমৰ্জন দৈৱকী নন্দন বিজয় বিৰাজিত গীতং ||                সুক্ষ্মভাবে নিৰিক্ষণ কৰিলে গুণমালা পুথিখনত বৰ্ণিত শ্ৰীকৃষ্ণৰ গুণৰ মহিমা বৰ্ণনৰ মাজতে আৰু এধাৰি অন্তৰ্নিহিত মালা যে বিৰাজমান হৈ আছে সেয়া অনুভৱ কৰা যায় | সেয়া মালাৰ হেজাৰ সুগন্ধি ফুলবোৰ হ’ল শ্ৰীমন্ত শঙ্কৰদেৱৰ হৃদয়ত থকা কৃষ্টি সৃষ্টিৰ দক্ষতা, সুক্ষ্ম দৃষ্টি আৰু ঘটনাক্ৰমৰ প্ৰয়োগৰ সময়্ত কৰা শব্দৰ উপযুক্ত প্ৰয়োগ |               প্ৰেম ৰস, ভক্তিৰস আদি ৰসৰ উপৰিও গুণমালাৰ বৰ্ণনৰ আঁৰে আঁৰে অনুভুত হৃদয়ষ্পৰ্শী শব্দৰ অনুৰণন |  সাহিত্যৰ দৃষ্টিকোণৰ পৰা থকা এইবোৰৰ মূল্য অতুলনীয় | শব্দৰ প্ৰয়োগ চমকপ্ৰদ | পাঠ কৰোঁতে পাঠক ভকতক ভবাই তোলে | প্ৰসংগ সাপেক্ষে প্ৰয়োজনীয় শব্দৰ সথিক প্ৰয়োগ পুথিখনৰ ঘোষাই ঘোষাই, পদে পদে বিদ্যমান | ৰচনাৰ শিল্প-চাতুৰ্যই এই পুথিক এখন অতি উচ্চ স্তৰৰ গ্ৰন্থলৈ যে লৈ গৈছে তাক সকলোৱে একেমুখে স্বীকাৰ কৰে |                চাৰু কাৰু কলাৰ সমাহাৰ দেখা যায় গুণমালাৰ আদিৰ পৰা অন্তলৈকে |   সাহিত্যৰ উপজীৱ্য চাৰু কলা আৰু কাৰু কলাৰ দুইটা ভাগেই গুণমালাত বিদ্যমান |                 সংগীতৰ বাবে প্ৰয়োজনীয় ছন্দ, শব্দৰ ব্যঞ্জনা,ধ্বনিৰ ব্যৱহাৰ আদি সম্পূৰ্ণ স্থিতি ইয়াত বিদ্যমান |              অনুপ্ৰাসেৰে উজ্বল পদ স্তৱকবোৰৰ মাজে প্ৰতিভাত হৈছে শব্দ চয়ন আৰু বয়ন | চাৰু কলা আৰু কাৰু কলাৰ পূৰ্ণ সংযোগ ঘটিছে এই বৰ্ণিত গুণৰ মালাৰ প্ৰতিটো পদৰূপী ফুলৰ মাজে মাজে | কাব্যগুণেৰে সমৃদ্ধ এই পুথিতে পোৱা যায় শব্দৰ লক্ষণা আৰু সুন্দৰ ব্যঞ্জনাৰ উপস্থিতি | ইয়াতেই আছে একেবাৰে ব্ৰহ্ম চিন্তাৰ পৰা আৰম্ভ কৰি শৰীৰ-আত্মা, নাম ধৰ্মৰ স্বৰূপ, ভক্তি যোগ, ভক্ত ভক্তি তত্ত্ব আৰু সাধন আদি সকলো অনুকৰণীয় বস্তু |  আৰু ইয়াৰ মাজতেই আছে সৰ্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰৰ জীৱনবোধৰ  মূল্যায়ন  আৰু তাৰ প্ৰতিশ্ৰুতি | এইখন পুথিৰ ওপৰত গৱেষণাৰ সমল অনেক আছে |               এনিশাৰ ভিতৰতে শ্ৰীমন্ত শঙ্কৰদেৱে ওঠৰ হাজাৰ শ্লোক সন্নিবিষ্ট ভাগৱত পুৰাণ এখনক একেবাৰে সংক্ষিপ্ত কৰি  লিখি উলিওৱা এই বিন্দুতে সিন্ধু প্ৰকাশ পোৱা পুথিখনৰ কৰ্মক হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা কথাষাৰ একেবাৰে সমীচিন হৈ পৰিছে |               গুণমালাখন পঢ়িলেই এটা কথা প্ৰথমতে মনলৈ আহে যে শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰভুৱে পুথিখন সৃষ্টিৰ সময়ত শ্ৰীকৃষ্ণক হৃদয়ত থাপন কৰি ঘোষা আৰু পদবোৰ ৰচনা কৰি গৈছিল | তাৰ প্ৰমাণ পোৱা যায় পুথিখনৰ ৰচনা শৈলিত আৰু পদৰ ব্যৱহাৰত | পাঁচ অধ্যায়ৰ এই পুথিখনত প্ৰথম অধ্যায়তে আছে  শ্ৰীকৃষ্ণৰ প্ৰতি স্তুতি আৰু বন্দনা | চমু বৰ্ণনাৰ মাজতে শ্ৰীকৃষ্ণৰ বিশাল কৰ্মৰাশিৰ সুন্দৰকৈ প্ৰকাশ কৰিছে |               পুথিখনি বাণীবন্ধনৰ সময়ত পোৱা এক বিৰল আৰু অতুলনীয়া কথাই আমাক বিষ্মিত কৰিছে | আজিৰ পৰা চাৰিশ চৌষষ্ঠি বছৰ আগতে ৰচিত অৰ্থাত্‍ ১৫৫২ খ্ৰীষ্টাব্দতে লিখি উলিওৱা এই পুথিত পোৱা যায় সংগীতৰ তাল, ধ্বনি আৰু ছন্দৰ অপূৰ্ব সংমিশ্ৰন | বাচকবনীয়া অথচ প্ৰয়োজনীয় শব্দৰ ব্যৱহাৰ |  শব্দবোৰৰ সুক্ষ্ম প্ৰয়োগে শ্ৰীমন্ত শঙ্কৰৰ জ্ঞানৰ বিশাল ভাণ্ডাৰৰ কথাকে মনত পেলাই দিয়ে |  আমাৰ সীমিত জ্ঞানেৰে কৰা সংগীত ব্যৱস্থাপনাৰ সময়ত দেখা পাইছিলোঁ আদিৰ পৰা অন্তলৈকে কোনো বিসংগতি নোহোৱাকৈ বৈ থকা সংগীতৰ আৰু সুৰৰ ফল্গু ধাৰা |                এই পুথিৰ পোন প্ৰথমবাৰলৈ ১৯২৩ খ্ৰীষ্টাব্দত ইংৰাজীলৈ অনুদিত কৰে আমাৰ অতি শ্ৰদ্ধাৰ বেণুধৰ ৰাজখোৱাই | সংস্কৃতত গুণমালাখন কিছু নিজৰ কন্ঠত বানীবন্ধন কৰি উলিয়ায় শ্ৰীৰঞ্জন বেজবৰুৱাই  ২০১৩ খ্ৰীষ্টাব্দত |             ২০১০ খ্ৰীষ্টাব্দত ডিব্ৰুগড় বাসিন্দা প্ৰসিদ্ধ চাহ খেতিয়ক শ্ৰীদেৱীপ্ৰসাদ বাগ্ৰোডিয়াই গুণমালাখন হিন্দীলৈ অনুবাদ কৰি তেখেতৰ সুপুত্ৰ ডাঃ সুধীৰ বাগ্ৰোডিয়াৰ হতুৱাই হিন্দীতে বাণীবন্ধনো কৰোৱায় |        মই এবাৰ তেখেতক সাক্ষাত কৰোঁতে সেইখন চিডিখন মোক উপহাৰ হিচাপে দিয়ে | মই চিডিখন ঘৰলৈ আনি  শুনাৰ পাছত মোৰ ভিতৰত আগৰে পৰা পুহি ৰখা সেই একে হেঁপাহটো জাগ্ৰত হৈ উঠিল | ময়ো আজি কেবা বছৰৰ পৰাই গুণমালাখন শ্ৰব্য আকাৰত উলিওৱাৰ কথা ভাবি্য়েই আছিলোঁ | অনেক অসুবিধাৰ বাবে সেয়া হৈ উঠা নছিল | সেয়ে সময় ল’লে আমি কৰি উলিৱাওতে | ইচ্ছাটো দমাব পৰা নাছিলোঁ | এতিয়া মোৰ নিজৰ ঘৰতে নিৰ্মাণ কৰি উলিওৱা ষ্টুডিঅটোৰ প্ৰথম আপাহতে এই গুণমালাখন শ্ৰব্য আকাৰত উলিওৱা হ’ল | ইয়াৰ গুণগত মান কেনে হৈছে আৰু ত্ৰুতি বিচ্যুতি শ্ৰোতা ভক্ত সকলে ঠাৱৰ কৰিব |       এই আপুৰুগীয়া পুথি গুণমালাৰ প্ৰচাৰ এতিয়াও সীমিত | সামগ্ৰিক মূল্যায়নৰতো দূৰৰে  কথা,  ইয়াৰ আমাৰ মাজত  সাধাৰণভাৱে হ’বলগীয়া প্ৰচাৰো প্ৰয়োজন অনুসৰি হোৱা নাই | তাৰ কাৰণবোৰ ইয়াত উল্লেখ কৰিব বিচৰা নাই |          সেই বাবেই আমাৰ প্ৰয়াস এই পুথিখন শ্ৰব্য আকাৰত উলিয়াই সৰ্বসাধাৰণ মানুহৰ মাজত ধ্বনিৰ মাধ্যমেৰে প্ৰচাৰ কৰা | সেয়ে একো বিশেষ আৰম্বৰ নকৰাকৈ সহজ সৰল ভাবে, আমাৰ চিৰ পৰিচিত সদাশ্ৰুত গুৰুজনাৰ নামৰ আৰ্হিৰে, ঘৰত অথবা নামঘৰত আৰু বিভিন্ন কীৰ্তন সভা আদিত গোৱা নাম আৰু তালৰ লয়ৰ মাধ্যমেৰে ইয়াৰ বাণীবন্ধন কৰিবলৈ যত্ন কৰা হৈছে | উদ্দেশ্য হৈছে শ্ৰৱণ আৰু পঠন দুইটা কাম একেলগে হ’লে গুণমালাৰ কথাখিনি হৃদয়ঙ্গম হোৱাত উজু হ’ব বুলি আমাৰ ধাৰণা |           এই উদ্দেশ্য আগত ৰাখিয়েই গুণমালা পুথিখন আমাৰ প্ৰচেষ্টাৰে যিমানতো পৰা যায় শুদ্ধ ৰূপত ছপা কৰি উলিওৱাবলৈ যত্ন কৰা হৈছে | আৰু পুথিখনৰ লগতে শ্ৰব্য আকাৰতো বাণীবন্ধন কৰা চিডিখন সন্নিবিষ্ট কৰি দিয়া হৈছে | এই পুথিখন ২০১৬ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহৰ

ৰ’বাচোন, অলপ পঢ়ি লওঁ শিশু সাহিত্য মনোৰম কাহিনী বিশেষকৈ কিশোৰ কিশোৰীসকলৰবাবে মহাভাৰত আৰু ৰামায়নৰ কাহিনীৰ আধাৰত ৰচিত মনোৰম কাহিনী সংগ্ৰহ আৰু বৰ্ণন ৰামচৰণ পাঠক

বৰ বিচিত্ৰ নৰ চৰিত্ৰ বৰ বিচিত্ৰ নৰ চৰিত্ৰ লেখক :: ৰামচৰণ পাঠক গল্প নহয় :: এতাৱত্‍ এতলা মোৰ “বৰ বিচিত্ৰ নৰ চৰিত্ৰ” | বিশিষ্ট গল্পকাৰ শ্ৰী অতুলানন্দ গোস্বামী ৰ পাতনিৰে Read more …             এতাৱত্‍ এতলা’ (  বৰ বিচিত্ৰ নৰ চৰিত্ৰ ) নামেৰে কাহিনী সংগ্ৰহ  এটা দি থৈ গৈছিল শ্ৰীযুত ৰামচৰণ পাঠকে । তাৰ শিতানতে সকীয়াই দিয়া হৈছে  ‘গল্প নহয়’ । আৰু সম্ভেদ দিয়া হৈছে গল্পৰ আধাৰ সত্য কাহিনীৰ (সহায় কৰাৰ¸ পুৰস্কাৰ), গল্পৰ আধাৰ সঁচা কথাৰ (এম পি বৰুৱা : মোৰ ধৰুৱা ), গল্পৰ আধাৰ সঁচা কথাৰ (মদৰ জাল মোকো বচালে ভাল), গল্পৰ আধাৰ সঁচা কথাৰ (আপ্‌নি মেনেজাৰ আছে; হ’লেভি ষ্টুপিদ আছে ) ।             এই সম্ভেদ কেইটা চানেকিহে হ’লেও কাহিনী ভাগৰ আভাস এটা ওলাই পৰে । আৰু এই তথ্যও প্ৰকট হয় যে কেউটা কাহিনীৰ ভেটি সমাজৰ একোটা স্বৰূপহে  যদিও কেউটা গল্প হৈ পৰিছে । কেউটা কাহিনীয়ে আমাৰ সমাজখনৰে বিভিন্ন শ্ৰেণীৰ লোকৰ জীৱন পৰিক্ৰমাৰে একো একোটা স্পষ্ট খণ্ড চিত্ৰ । এনে চিত্ৰ সাধাৰণতে লেখকৰ কল্পনা প্ৰসূত হ’লেও এই ক্ষেত্ৰত শ্ৰীযুত  পাঠকৰ কাহিনীবোৰৰ বিভিন্ন চৰিত্ৰ চিত্ৰণৰ কৌশল লেখকৰ অভিজ্ঞতা প্ৰসূত । সেই কাহিনী কেইটাৰ ৰচনা শৈলী আৰু বৰ্ণনা চাতুৰীয়ে একান্ত ভাৱে মন চুই যোৱা কৰিছে ।             শ্ৰীযুত পাঠকৰ মনোৰম কাহিনী কেউটা একান্ত ভাৱে সুখ পাঠ্য হৈছে বুলি ক’বই  লাগিব।             ‘কটকীৰ লোভ’ৰ কটকী এজন হাতলৰ ব্যক্তি । কোনো প্ৰয়োজনত নহা বা নলগোৱা বস্তু দেখিলেই আনে নেদেখাকৈ তুলি লৈ গোপনে নিজৰ কৰি লোৱা সেইজনো লেখকৰ সমবয়সী বন্ধুস্থানী ।            নিয়াৰিকৈ কৰা ঘটনাৰ এনে উপস্থাপন, গতি আৰু চৰিত্ৰৰ বৰ্ণনাই যি কোনো পাঠককে মোহিত কৰিব পাৰে ।              ‘আপ্‌নি মেনেজাৰ আছে: হলেভি ষ্টুপিদ আছে’ কাহিনীত এজন নগা লোকৰ সহজ সৰল সম্বোধনে কাকো অসন্মান নজনোৱাকৈ ভাকূট কুটাই দিব পাৰে ।             একে বহাতে গোটেই সংগ্ৰহটো পঢ়ি পেলাব পৰাৰ আকৰ্ষণটো শ্ৰীযুত পাঠকে ৰাখিব পাৰিছে ।  পঢ়ি অতি আনন্দ পালোঁ । তাৰে ভাগ ল’বলৈ সকলোকে আহ্বান জনালোঁ ।                                                 *****