My songs
স্বাগতম হে সুধীগণ… সমবেত গীত |
(ওপৰৰ ৰঙা স্বাগতম… ত ক্লিক কৰক, গীতটো শুনিবলৈ পাব)
গীতৰ কথা |
====
স্বাগতম হে সমবেত সুধীগণ,
স্বাগতম স্বাগতম |
স্বাগতম হে সমবেত সুধীগণ,
স্বাগতম স্বাগতম ||
আপোনাৰ আগমনে
এই সভাৰ শোভা |
যেন বিৰাজি উঠিছে আজি |
আজি যেন এই ধাম আনন্দে আলোক |
আনন্দে আলোক
আনন্দে আলোক ||
ক্ষুদ্ৰ শিল্পী আমি অভাজন
তাতোকৈ ক্ষুদ্ৰ এই আয়োজন |
আপোনাৰ সহযোগে
আমাৰ যুগে যুগে
হ’ব নতুন পথৰ আলোক,
হে সমবেত সুধীগণ,
স্বাগতম স্বাগতম ||
***********
গীতৰ ৰচনা, সুৰ, সংগীত আৰু কণ্ঠ শ্ৰী ৰামচৰণ পাঠকৰ |
ৰচনা কাল: ২৬-০৮-১৯৯৫ তৰাজান, যোৰহাট
এই গীতটো ২০১৭ খৃষ্টাব্দৰ জুন মাহত নিজৰ ষ্টুডিঅ শ্ৰুতিত ৰামচৰণ পাঠকৰ কণ্ঠত বাণীবন্ধন কৰা হৈছে | সহযোগী কণ্ঠ শ্ৰী মিনা শৰ্মা |
Recent Comments